অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্রকাশ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Pc Facebook

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্রকাশ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সৰ্বানন্দ সোণোৱালে অতি দুখমনেৰে শোকবার্তাত কয়, “অসমীয়া সংগীত জগতত পাখি মেলি স্নিগ্ধ জোনাক নমাই অনা এটা বৰ্ণিল যুগৰ অৱসান। আমাৰ হিয়াৰ আমঠু, অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ খবৰটো পাই শোকস্তব্ধ হৈ পৰিছোঁ! আমি কেতিয়াও শুনিব নিবিচৰা সেই দুখজনক খবৰটো পাই অত্যন্ত মর্মাহত হৈ পৰিছোঁ। জুবিন গাৰ্গ আৰু নাই! অসমৰ লাখ লাখ জনতাৰ সৈতে এই দুখৰ সমভাগী হৈছোঁ। এয়া অসমৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আমি বাকৰুদ্ধ, আমি ভাষাহীন। অসমীয়া জাতীয় জীৱনৰ মৰমৰ শিল্পীগৰাকী আৰু নাই, এই কথা ভাবিবই পৰা নাই। অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত জুবিন আছে, সকলো বয়সৰ লোকৰ মনতে তেওঁ স্থায়ী প্ৰভাৱ বিস্তাৰ কৰি থৈ গৈছে। তেখেত একেবাৰে ঘৰুৱা শিল্পী, আমাৰ মৰমৰ শিল্পী। অসমবাসীয়ে আন্তৰিকতাৰে জুবিনক হৃদয়ত স্থান দিছে। এনে এগৰাকী হৃদয়স্পর্শী শিল্পী হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হ’ল, এই কথা মই ভাবিবই পৰা নাই, বিশ্বাস কৰিব পৰা নাই। আজি মোৰ পুনৰ মনত পৰিছে জুবিন গাৰ্গৰ লগত মোৰ দীর্ঘদিনীয়া সম্পৰ্কৰ কথা। মৰমতে জুবিনে মোক সর্বাদা বুলি মতা সেই শুৱলা মধুৰ মাতষাৰ আৰু কেতিয়াও শুনিবলৈ নাপাম। জুবিন স্পষ্টবাদী, নির্ভীক আছিল, খোলামনৰ আছিল। জাতিটোক মনে-প্রাণে ভাল পাইছিল। এইগৰাকী মহান শিল্পীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতে আমাৰ মাজৰ পৰা হেৰাই যাব নোৱাৰে। আমি তেওঁক জীয়াই ৰাখিম। তেওঁৰ অপূর্ব সৃষ্টিৰাজি সজীৱ হৈ থাকিব প্ৰতিজন অসমীয়াৰ হৃদয়ত। অকালতে কায়িক বিদায় লোৱা জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জনালোঁ। কম বয়সৰ পৰাই কঠোৰ সাধনা আৰু আত্মবিশ্বাসেৰে সংগীত জগতত জুবিনে দৃষ্টান্ত দাঙি ধৰিছিল আৰু আঞ্চলিক পৰিধি নেওচি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছিল। তেখেতৰ হৃদয়স্পর্শী গীতে মানুহক উদ্বুদ্ধ কৰিছিল, সমাজক অনুপ্ৰেৰণা দিছিল। জুবিন গাৰ্গ অমৰ হৈ থাকিব মানুহৰ হৃদয়ে হৃদয়ে…”