অসমবাসীৰ আত্মসন্মানত আঘাত — ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন কৰা সুৰা কোম্পানী অ’য়েচিছ গ্ৰোপ (Oasis Group) ৰ বিৰুদ্ধে আপ অসমৰ দিছপুৰ থানাত এজাহাৰ

অসমবাসীৰ আত্মসন্মানত আঘাত — ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি বিজ্ঞাপন কৰা সুৰা কোম্পানী অ’য়েচিছ গ্ৰোপ (Oasis Group) ৰ বিৰুদ্ধে আপ অসমৰ দিছপুৰ থানাত এজাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ গৌৰৱ, স্বাভিমান, অসমীয়া জাতিৰ লাইখুঁটা স্বৰূপ, ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি অ’য়েচিছ গ্ৰোপ (Oasis Group) ৰ অল ছিজনছ সুৰা ব্ৰেণ্ডৰ বিজ্ঞাপনত ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে আৰু এই কাৰ্য্যই বৃহত্তৰ অসমীয়া জাতিৰ বুৰঞ্জী আৰু সংস্কৃতিক অপমান কৰাৰ লগতে সমগ্ৰ অসমবাসীৰ অনুভূতিত আঘাত হানিছে, এই অপমানৰ বিৰুদ্ধে আম আদমী পাৰ্টী (AAP) অসমে দিছপুৰ থানাত সুৰা কোম্পানী Oasis Group ৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰিছে। এই কোম্পানীৰ অল ছিজনছ (All Seasons) নামৰ সুৰা ব্ৰেণ্ডৰ এখন বিজ্ঞাপনত অসমৰ জাতীয় গৌৰৱ, ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি ব্যৱহাৰ কৰিছে, যি সম্পূৰ্ণ অসমবাসীৰ মনত আঘাত হানিছে।এই বিজ্ঞাপনখন সামাজিক মাধ্যম আৰু বিভিন্ন ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ব্যাপকভাৱে প্ৰকাশিত হৈ পৰিছে, যাৰ ফলত অসমীয়া জাতিক বিশ্বদৰবাৰত হেয় আৰু অপমানজনকভাৱে প্ৰতিপন্ন কৰা হৈছে। এই ঘটনা কেৱল এখন ছবি বা বিজ্ঞাপনৰ বিষয় নহয়, ই হৈছে অসমীয়া জাতিৰ আত্মমৰ্যাদা আৰু সাংস্কৃতিক অস্তিত্বত কৰা এক গভীৰ আঘাত।আম আদমী পাৰ্টী অসমৰ দাবীসমূহ হ’লঃOasis Group ৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক। বিজ্ঞাপনখন তৎক্ষণাত আঁতৰাব আৰু সকলো মাধ্যমৰ পৰা নিষিদ্ধ কৰা হওক।কোম্পানীটোৱে অসমবাসীৰ ওচৰত আনুষ্ঠানিক ভাৱে ক্ষমা খুজিব লাগিব।ঐতিহ্যমণ্ডিত ৰংঘৰৰ অপমানৰ ক্ষতিপূৰণ হিচাপে ₹৫০ লাখ তৎক্ষণাত ৰংঘৰ উন্নয়ন/ অসম চৰকাৰৰ তত্বাৱধানত থকা ৰক্ষণাবেক্ষণ বিভাগত জমা দিয়ক।অসমত এই ধৰণৰ সুৰা কোম্পানীৰ বিজ্ঞাপন আৰু বাণিজ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হওক।এই অপকর্মত জড়িত Oasis Group ৰ মালিক গোষ্ঠী, মুখ্য বিষয়া আৰু অন্য দায়ীসকলক কঠোৰ শাস্তি দিয়া হওক।আম আদমি পাৰ্টী অসমৰ ফালৰ পৰা ৰাজ্যিক সম্পাদক (সংগঠন) জয়ন্ত শইকীয়াই এজাহাৰ খন দিয়ে। আপ অসমৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই স্পষ্ট বাৰ্তা দিয়ে যে এই অপমানৰ প্ৰতিকাৰ হিচাপে কেৱল এজাহাৰ নহয়, অসমবাসীৰ গৌৰৱৰ স্বাৰ্থত এই সুৰা কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হব আৰু অসম চৰকাৰক শীঘ্ৰেই কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাই। আপ অসম যুৱ শক্তিৰ ৰাজ্যিক সভাপতি জিতু ডেকাই দাবী উত্থাপন কৰে যে ঐতিহ্যমণ্ডিত ৰংঘৰৰ অপমানৰ ক্ষতিপূৰণ হিচাপে সুৰা কোম্পানী Oasis Group ক ₹৫০ লাখ তৎক্ষণাৎ ৰংঘৰ উন্নয়ন/ অসম চৰকাৰৰ তত্বাৱধানত থকা ৰক্ষণাবেক্ষণ বিভাগত জমা দিবলৈ। আপ অসমে প্ৰতিবাদ জনাই যে এই সুৰা কোম্পানীটোৱে অসমবাসীৰ ওচৰত সোনকালেই আনুষ্ঠানিকভাৱে ক্ষমা খুজিব লাগে আৰু অসমত এই ধৰণৰ সুৰা কোম্পানীৰ বিজ্ঞাপন আৰু বাণিজ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ তেখেত লোকে দাবী উত্থাপন কৰে। আপ অসমৰ প্ৰতিনিধি দলত বল্লভ পাত্ৰ, আদিত্য গগৈ, মহাবীৰ বাস্কে , আব্দুল ৰাজ্জাক, আৰু ৰিজু সিনহা আৰু লগতে অন্যান্য নেতা উপস্থিত থাকে৷