অসমত ১৫-২০ দিনৰ ভিতৰত ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ সূচী
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ নিৰ্বাচন আয়োগে বিহাৰকেন্দ্ৰিক বিতৰ্কৰ মাজতে অসমসহ সমগ্র দেশতে ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ স্পেচিয়েল ইনটেনছিভ ৰিভিজন(এছআইৰ) আৰম্ভ কৰিবলৈ প্ৰস্তুতি চূড়ান্ত কৰিছে । পৰৱৰ্তী ১৫- ২০ দিনৰ ভিতৰত নিৰ্বাচন আয়োগে এছআইআৰৰ সূচী ঘোষণা কৰিব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া (চিইঅ’) অনুৰাগ গোৱেলে শেহতীয়াকৈ প্রতিজন জিলা নির্বাচন বিষয়ালৈ প্ৰেৰণ কৰা এক জৰুৰী পত্ৰত এই কথা স্পষ্ট হৈছে। য’ত এছআইআৰ সন্দৰ্ভত মুখ্য নির্বাচনী বিষয়া গোৱেলে কেতবোৰ গুৰুত্বপূৰ্ণ নির্দেশ সন্নিবিষ্ট কৰিছে। পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সমগ্র দেশতে অহা ১৫-২০ দিনৰ ভিতৰত এছআইআৰৰ সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে নির্বাচন আয়োগে। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচনী পঞ্জীয়ন বিষয়া (ইআৰঅ’), সহকাৰী নির্বাচনী পঞ্জীয়ন বিষয়া (এইআৰঅ’) আৰু বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’) সকলক কর্মক্ষেত্রত থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সমবিতৰণৰ প্ৰস্তাৱত নির্বাচন আয়োগে অনুমোদন জনালে আৰু মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে নির্দেশ দিলে নিযুক্তি দিব পৰাকৈ নতুন ভোট কেন্দ্ৰৰ বাবে অতিৰিক্ত বিএলঅ’সকলক বাছনি কৰি থ’ব লাগিব। এছআইআৰৰ সূচী ঘোষণা কৰাৰ পাছত নির্বাচনী বিষয়া-কর্মচাৰী-ডাটা এন্ট্রী অপাৰেটৰসকলক দিব নোৱাৰিব কোনোধৰণৰ অতিৰিক্ত দায়িত্ব। বিটিচি নিৰ্বাচনৰ কামত বিটিআৰৰ অন্তৰ্গত জিলাৰ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী-ডাটা এন্ট্রী অপাৰেটৰক ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে। এইক্ষেত্রত বিকল্প ব্যৱস্থা গ্রহণ কৰিব লাগিব। পত্ৰখনত উল্লেখ কৰা মতে, ২০০৫ চনৰ শেহতীয়া এছআইআৰৰ পাছত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে মুখ্য নির্বাচনী বিষয়াৰ ৱেবছাইটত উপলব্ধ হৈছে। এই বিষয়ে সকলো স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিক জিলা নির্বাচনী বিষয়াই অৱগত কৰিব। মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কনটেক্ট চেণ্টাৰ (ডিচিচি) সমূহ সক্ৰিয় কৰি তোলাৰ কথা উল্লেখ কৰি প্ৰতিদিনে এনজিএছপি প’র্টেলত ডিজিটাইজ আৰু ফোনকল ৰিচিভ কৰিবলৈ কৰ্মচাৰী বাছনি কৰাৰ বাবেও জিলা নির্বাচনী বিষয়াক নির্দেশ দিয়া হৈছে। অৱশ্যে এই কামৰ বাবে অতিৰিক্ত কোনো ধনৰ যোগান ধৰা নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে পত্ৰখনত। উক্ত সমগ্র নির্দেশনাৱলীক জৰুৰী হিচাপে গণ্য কৰিবলৈ জিলা নির্বাচনী বিষয়াসকলক কোৱা হৈছে। উল্লেখ্য যে বিহাৰত ইতিমধ্যে এছআইআৰৰ কাম আৰম্ভ কৰি যোৱা ১ আগষ্টলৈ সংশোধিত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে নির্বাচন আয়োগে। য’ত ৬৫ লক্ষাধিক ভোটাৰৰ নাম কর্তন হৈছে। এইসকলৰ ২২ লাখ মৃত, ৩৬ লাখৰ ঠিকনা স্থায়ীভাবে পৰিবৰ্তন হোৱা আৰু ৭ লাখৰ নাম একাধিক স্থানৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈ থকা। ইয়াৰ মাজতে এইআইআৰ প্ৰক্ৰিয়াৰ ফলত ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা কমেও ৯৪ লাখ ‘ঘোষ্ট ভোটাৰ’ৰ নাম কৰ্তন হ’ব বুলি চর্চা অব্যাহত আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল- বিহাৰৰ ভোটাৰ তালিকাত বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ দৰে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ নাম অন্তর্ভুক্ত হোৱা বুলি ইতিমধ্যে প্রকাশ পাইছে সংবাদ মাধ্যমত। বুথ পৰ্যায়ৰ কৰ্মীসকলে ঘৰে ঘৰে যোৱাৰ পাছত এই তথ্য নিশ্চিত হোৱা বুলি নির্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ। অসমৰ ভোটাৰ তালিকাতো বহু সন্দেহযুক্ত লোকৰ নাম থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে। সেয়েহে অসমত এছআইআৰ হ’লে এই বিষয়টো জলজল-পটপট হৈ পৰাৰ সম্ভাৱনা প্রকট। ইফালে বিহাৰত এছআইআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে একাধিক গোচৰ। কিন্তু শেহতীয়া শুনানিকালত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ বিপৰীতে কোনোধৰণৰ স্থগিতাদেশ জাৰি কৰা নাই। যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিহাৰৰ দৰে দেশৰ আন ৰাজ্যসমূহতো এছআইআৰ আৰম্ভ কৰিবলৈ নিৰ্বাচন আয়োগে তৎপৰ হৈ আছে।প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ শেষভাগত বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। সেইদৰে ২০২৬ চনত অনুষ্ঠিত হ’ব অসম, পশ্চিমবংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালা বিধানসভা নির্বাচন। সন্মুখত ৬খন ৰাজ্যৰ বিধানসভা নির্বাচন থকাৰ পূৰ্বে নির্বাচন আয়োগে এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশে আগবঢ়াটো গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। উচ্চতম ন্যায়ালয়ে এই সম্পর্কীয় বিচাৰাধীন গোচৰৰ পৰৱৰ্তী শুনানি গ্রহণ কৰিব অহা ১২ আগষ্টত। তাৰ পিছত যিকোনো মুহূর্ততে অসমত এছআইআৰৰ সূচী ঘোষণা কৰিব পাৰে নির্বাচন আয়োগে।