অসমত শীঘ্ৰে গঠন কৰা হ’ব ৮ম দৰমহা আয়োগ

অসমত শীঘ্ৰে গঠন কৰা হ’ব ৮ম দৰমহা আয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত ৰাজ্যৰ কৰ্মচাৰীসকলে যাতে দৰমহা আৰু আন সা-সুবিধা লাভ কৰে তাৰ বাবে শীঘ্ৰে অসমত গঠন কৰা হ’ব অষ্টম দৰমহা আয়োগ। এই ঘোষণা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ শুভাৰম্ভণি কৰি দৰমহা আয়োগ গঠনৰ ঘোষণা কৰা মুখ্যমন্ত্রী ড° শৰ্মাই গঠন হ’বলগা দৰমহা আয়োগ সন্দৰ্ভত কৰ্মচাৰী সংগঠনসমূহৰ কোনো পৰামৰ্শ থাকিলে তাক ১৫ দিনৰ ভিতৰত মুখ্য সচিবক জমা দিবলৈও আহ্বান জনায়। উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে গঠন কৰিছে অষ্টম দৰমহা আয়োগ। কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ আয়োগৰ টার্মছ অৱ ৰেফাৰেঞ্চ (টিঅ’আৰ)ত অনুমোদন জনোৱাৰ পিছত এক কোটিতকৈও অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ জৰিয়তে লাভ কৰিব পৰৱৰ্তী দৰমহা। মুখ্যমন্ত্রী ড° শৰ্মাই অসমত শীঘ্ৰে দৰমহা আয়োগ গঠন হ’ব বুলি ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰা দৰমহা আয়োগে যি সমহাৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক দৰমহা আদায় দিয়ে সেই একে সমহাৰতে ৰাজ্যিক কৰ্মচাৰীসকলকো দৰমহা আদায় দিব। দিছপুৰ লোকসেৱা ভৱনত এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নতুন পে’ কমিছন ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে নতুন পে’ কমিছনৰ বাবে জাননী জাৰি কৰিছে। অসমতো অতি সোনকালে দৰমহা আয়োগ গঠন কৰিম। যাতে কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই পে’ কমিছনৰ সুবিধা পাব পাৰে। ইতিমধ্যে মই মুখ্য সচিবক নতুন পে’ কমিছন গঠনৰ বাবে প্রস্তুতি চলাবলৈ নির্দেশ দিছোঁ। মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী সংগঠনসমূহক দৰমহা আয়োগ গঠন সন্দৰ্ভত ১৫ দিনৰ ভিতৰত পৰামৰ্শসমূহ মুখ্য সচিবক অৱগত কৰাৰ বাবে আজি আহ্বান জনায়। মুখ্যমন্ত্রীয়ে কয়, দৰমহা আয়োগৰ টিআৰঅ’খন যাতে সঠিকভাৱে প্রস্তুত হয় সেই দিশত গুৰুত্ব দিব লাগিব। বহু সময়ত দেখা যায় পে’ কমিছন হোৱাৰ বহু দিনৰ পাছতো তেওঁলোকৰ ওজৰ-আপত্তিসমূহ আনি থাকে। কেন্দ্ৰীয় চৰকাৰৰ নিয়ম হ’ল এবাৰ যদি পে’ কমিছনৰ প্রতিবেদন দাখিল কৰে, তেন্তে সেয়াই হ’ব চূড়ান্ত। কিন্তু ৰাজ্যত একাংশ কৰ্মচাৰী সংগঠনে আয়োগ গঠনৰ পাছতো তেওঁলোকৰ ওজৰ-আপত্তিসমূহ আয়োগৰ ওচৰলৈও নিয়ে, মুখ্যমন্ত্ৰীৰ ওচৰলৈও নিয়ে। সেয়ে এইবাৰ পে’ কমিছন গঠনৰ পূর্বেই তেওঁলোকৰ ওজৰ-আপত্তিসমূহ আগতীয়াকৈ দিব লাগিব বুলি স্পষ্ট কৰা হৈছে। উল্লেখ্য যে দৰমহা আয়োগৰ ওপৰত মুখ্যমন্ত্ৰীৰ কোনো এক্তিয়াৰ নাথাকে। আয়োগে কৰ্মচাৰী সংগঠনসমূহৰ সৈতে আলোচনা কৰি পৰৱৰ্তী অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন প্রস্তুত কৰিব। এই অষ্টম দৰমহা আয়োগৰ ফলত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা আৰু আন সা-সুবিধা বৃদ্ধি পাব।