অসমত মুছলমানৰ ওপৰত অত্যাচাৰ চলা নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমত মুছলমানৰ ওপৰত অত্যাচাৰ চলা নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজ্যত বিজেপি চৰকাৰৰ আমোলত মুছলমানসকল যথেষ্ট কষ্টত থকাৰ লগতে অত্যাচাৰৰ সন্মুখীন হৈ অহা বুলি বিভিন্ন সময়ত তোলা ধৰ্মীয় ৰাজনীতিৰ অভিযোগ নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বর্তমান অসমত হিন্দু- মুছলমান সকলো লোক স্ফূর্তিত আছে। কোনো লোক আজি দুখত থকা দেখা নাই। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বৰ্তমান অসমত মুছলমান ল’ৰাই চাকৰি পাইছে, স্কুল-কলেজলৈ গৈ আছে, চৰকাৰৰ পৰা ঘৰ পাইছে, মুছলমান পৰিয়ালে অৰুণোদয়ো পাইছে। তেওঁ য’লৈকে গৈছে মুছলমান ল’ৰা-ছোৱালীসকলে তেওঁৰ সৈতে যথেষ্ট স্ফুৰ্তিত কথা পাতিছে। তেওঁলোকে কয়— কংগ্ৰেছৰ শাসনকালতহে মুছলমানসকলে আজি কাজিয়া, কালি মাৰপিট, কাইলৈ কোকৰাঝাৰত সংঘাত, ওদালগুৰিত সংঘাতৰ সন্মুখীন হৈছিল। এতিয়া কিন্তু তেওঁলোকে বহুত আৰামত- আনন্দত আছে। বৰ্তমান অসমৰ সকলোৱে স্ফূর্তিতে আছে। কোনো লোক দুখত থকা দেখা নাই।