অসমত ভূপেন বৰা নহয় লুৰিন জ্যোতি গগৈহে বিৰোধীৰ নেতা

অসমত ভূপেন বৰা নহয় লুৰিন জ্যোতি গগৈহে বিৰোধীৰ নেতা

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথৰ ভাৰতীয় জনতা পাৰ্টী জিলা কাৰ্য্যালয়ত এখন সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ ৰঞ্জিব শৰ্মাই সাংবাদিকৰ আগত বক্তব্য ৰাখি কয় যে অসম জাতীয় পৰিষদৰ অসম যাত্ৰা ভূপেন বৰা বা গৌৰৱ গগৈ বিৰোধীৰ নেতা নহয় লুৰিন জ্যোতি গগৈহে বিৰোধীৰ নেতা বুলি প্ৰতিষ্ঠা কৰিবলৈহে অসম জাতীয় পৰিষদে অসম যাত্ৰা আৰম্ভ কৰিছে। অসম জাতীয় পৰিষদৰ আৰম্ভ হোৱা অসম যাত্ৰাৰ ওপৰত বক্তব্য ৰাখি কয় যে এক বিশেষ সম্প্ৰদায়ক সন্তুষ্ট কৰিবলৈহে এই যাত্ৰা ধুবুৰীৰ পৰা আৰম্ভ কৰিছে এই যাত্ৰা অসমৰ মংগলৰ বাবে কৰা নাই লগতে তেওঁ কয় যে গৌৰৱ গগৈ আৰু লুৰিন জ্যোতি গগৈয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈহে প্ৰতিযোগিতা চলিছে আৰু এই প্ৰতিযোগিতাৰ অংশ হিছাপে ধুবুৰীৰ পৰা অসম জাতীয় পৰিষদে এই যাত্ৰা আৰম্ভ কৰিছে। লগতে কংগ্ৰেছ দলৰ বাগানে বাগানে যাত্ৰাৰ সমালোচনা কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ৭ বছৰত কৰা উন্নয়ন সমূহ চাবলৈ গৈছে। কংগ্ৰেছ দলে ৭০ বছৰ শাসনত থাকি যি খিনি কাম নকৰিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ খনে ৭ বছৰত কৰিলে বুলি মন্তব্য ৰাখে।