অসমত বাৰিষাৰ বতৰ আৰম্ভহে হৈছে- ফখৰুদ্দিন আহমেদ

Pc Pinterest

অসমত বাৰিষাৰ বতৰ আৰম্ভহে হৈছে

ফখৰুদ্দিন আহমেদ

প্ৰকৃত বিষয়টো হৈছে যে অসমত সম্প্ৰতি বাৰিষাৰ বতৰ আৰম্ভহে হৈছে। বাৰিষাৰ বতৰত মুষলধাৰ বৰষুণ হয়। পথাৰত ৰোৱণীয়ে ভূই ৰোৱে। পিছে আজি কালি সেই আগৰ দিনবোৰ নাই। ভালকৈ অনুধাবন কৰিলে উপলব্ধি কৰিব পাৰি যে মানব সমাজে প্ৰকৃতিৰ ওপৰত চলাই থকা অত্যাচাৰৰ যেন এই বানপানী আদিৰ দৰে প্ৰাকৃতিক সমস্যাবোৰ বহিৰ্প্ৰকাশহে।
প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যহীনতাৰ বাবেই বাৰিষাৰ বতৰত হোৱা বানপানীৰ সংহাৰ আৰম্ভ হৈছে। অসমত বাৰিষাৰ বতৰ আৰম্ভ হয় জুন মাহৰ পৰা আৰু শেষ হয় অক্টোবৰত অনুষ্ঠিত হোৱা দুৰ্গা পুজাৰ সময়ত। এয়া অসমৰ বাৰিষাৰ বতৰৰ এক চিৰাচৰিত সময়। চলিত বৰ্ষত জুন মাহত হোৱা বাৰিষা বতৰৰ আৰম্ভনি হৈছে ভয়াবহ বানপানীৰ সংহাৰকাৰী ৰূপেৰে । সমুখৰ ফালে পৰি আছে অন্য চাৰিটা মাহ। মোৰ নিজস্ব অভিজ্ঞতা আছে। বিগত ইং ২০০৪ বৰ্ষৰ পুৰ্বৰ কোনোবা এটি বৰ্ষত আমাৰ দক্ষিন পশ্চিম ছিপাঝাৰ অঞ্চলৰ ৰাইজে অক্টোবৰ মাহত হোৱা প্ৰলয়ংকৰী আৰু সংহাৰী বানপানীৰ কবলত পৰি ব্ৰক্ষ্মপুত্ৰ আৰু অন্যান্য নদীৰ মথাউৰিত অবস্থান কৰি জীৱন ৰক্ষা কৰিবলগা হৈছিল।
যিহেতু অসমত বাৰিষাৰ বতৰ আৰম্ভহে হৈছে আৰু এই বৰ্ষত ইতিমধ্যে মুষলধাৰ বৰষুণে প্ৰাকৃতিক আৰু কৃত্ৰিম বানপানীৰ অসমৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে , সেয়ে অসমৰ ৰাইজ আৰু অসম চৰকাৰে আগন্তুক চাৰি মাহৰ বাবে বিশেষ সাবধানতা আৰু সতৰ্কতা অবলম্বন কৰিব লাগিব।
বছৰৰ প্ৰথমটো বানপানীতে অসমৰ বিভিন্ন ঠাইত ব্ৰক্ষ্মপুত্ৰ আৰু নদী সমূহৰ মথাউৰিবোৰ চিগি গৈছে । অৱশ্যে ৰাজ্যৰ জল সম্পদ বিভাগে এই চিগি যোৱা মথাউৰিবোৰ পুনৰ মেৰামতিৰ ব্যবস্থা কৰিছিল যদিও সেই মেৰামতি কিন্তু বাঢ়নি পানীত তিষ্ঠি থাকিব পৰা নাই। সেয়া অক্টোবৰ পৰ্যন্ত দীৰ্ঘ সময় যে অসমৰ জনতাক বানপানীয়ে জ্বলাকলা কৰি থাকিব সেয়া ধ্ৰুব সত্য । সেয়ে এই ক্ষেত্ৰত অসম চৰকাৰ আৰু বিভাগে সুপৰিকল্পনাৰে আগবাঢ়িব লাগিব আৰু অসমৰ জনতাই এশ শতাংশই সহযোগিতা কৰিব লাগিব। প্ৰবচন আছে ” বিপদৰ সময়ত বাঘে চাগে একে ঘাটে পানী খায়”। এই বানপানীৰ বিপদজনক সময়ত শাসনত থকা বি জে পি দলক আন ৰাজনৈতিক দল সমূহে চোকা চোকা ভাষাৰে সমালোচনা কৰি থকা সৰকা কৰিলেই নহ’ব , বৰঞ্চ এনে জটিল পৰিস্থিতিৰ লগত মোকাবিলা কৰি অসমৰ ৰাইজক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত অসম চৰকাৰক পুৰ্ণ মাত্ৰাই সহযোগ কৰিলেহে সফল ৰাজনীতিৰ দিশত তেখেত সকল আগবাঢ়ি যাব পাৰিব। বানপানীৰ দৰে জনজীৱনক বিধস্ত কৰা প্ৰাকৃতিক দুৰ্যোগত সকলো ৰাজনৈতিক দল , স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় ক্লাব সমূহৰো গধুৰ দায়িত্ব আছে। নহ’লে অসমৰ ৰাইজে আগন্তুক প্ৰায় চাৰিটা মাহত ইয়াতকৈয়ো বহু বেছি দুৰ্ভোগ ভোগিব লাগিব যে সেয়া খাটাং ।
সাম্প্ৰতিক সময়ত অসম চৰকাৰ , বিৰোধী ৰাজনৈতিক দল ,আৰু সংগঠন বোৰ ব্যস্ত হৈ আছে বন্যাৰ্তক সাহায্য প্ৰদানত । এয়া অতিকৈ গুৰুত্বপুৰ্ণ আৰু একান্ত প্ৰয়োজনীয় বিষয়। ইয়াৰ লগতে আগন্তুক বিশেষকৈ অহা অক্টোবৰ মাহলৈ সাম্ভাব্য বানপানীৰ তাণ্ডবৰ প্ৰতিৰোধ কল্পে ইতিবাচক আচনিৰ চিন্তা চৰ্চা আৰু তাৎকালীন ৰূপায়ণতো গুৰুত্ব দিব লাগিব। বিশেষকৈ চিগি থকা ব্ৰক্ষ্মপুত্ৰ আৰু নদীৰ মথাউৰিবোৰ মেৰামতিৰ ক্ষেত্ৰত । অসম চৰকাৰে বিভাগীয় ভাবে আৰ্থিক মঞ্জুৰী দিয়াটোৱেই শেষ কথা নহয়। এই কামকাজবোৰ সুচাৰুৰূপে সমাপন হৈছে নে বিভাগীয় ঠিকাদাৰৰ সেয়াল সুচী মতে হৈছে এই ক্ষেত্ৰত বিভাগীয় চৰকাৰী বিভাগ সমূহৰ আমোলা বিষয়া সকলে উচিত ভাবেই চকু দিব লাগিব। চৰকাৰী আমোলা বিষয়া সকলৰ সৈতে স্থানীয় ৰাইজে চব্বিশ ঘন্টাই নজৰ দিব লাগিব ।যাতে দুৰ্যোগ প্ৰশমন ঠিক মতেই হয়।
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰে বানপানীৰ ক্ষেত্ৰত অসম চৰকাৰক সকলো সময়তে , সকলো ক্ষেত্ৰতে সহায় কৰি আহিছে বুলি দৃঢ় ভাবে মন্তব্য প্ৰকাশ কৰিলেও কোনো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী বানপানীৰ সংহাৰী কালত অসমত পদাৰ্পণ নকৰা কাৰ্য কিন্তু বিচাৰ্যৰ বাহিৰত নহয়। ইতিপুৰ্বে দৃষ্টিগোচৰ হৈ অহা বিষয়টো হৈছে যে অন্য ৰাজ্যত বানপানীয়ে দুৰ্যোগ সৃষ্টি কৰা সময়ত কেন্দ্ৰীয় চৰকাৰে একো একোটা বিশেষ পুঁজিৰ ঘোষণা কৰে ।কিন্তু অসমৰ ক্ষেত্ৰত এয়া ব্যতিক্ৰম যে তেনে পুঁজি এতিয়ালৈ ঘোষণা কৰা হোৱা নাই। অসমৰ ৰাইজ ,দল-সংগঠনে বহু বছৰ ধৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত ফলপ্ৰসু হোৱাকৈ কোনো ধৰণৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে ব্যবস্থা লোৱা নাই।
এই সকলো বিলাক দিশ পৰ্যালোচনা কৰিলে দেখা যায় যে অসমৰ বানপানীৰ দুৰ্যোগৰ সময়ত পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰাৰ মানসিকতা অসমৰ ৰাইজে গ্ৰহণ কৰিবই লাগিব।
অসম চৰকাৰে সাম্প্ৰতিক সময়ত অসমৰ ৰাইজক সাহায্য প্ৰদান কৰাৰ উপৰিও অনাগত দিনবোৰৰ বাবেও সাহায্য পৰ্যাপ্ত পৰিমানে সময়ত উপযুক্ত ভাবে সাহায্য দিব পৰাকৈ খাদ্য সামগ্ৰীকে ধৰি মজুত কৰি ৰাখিব লাগিব।
অসম চৰকাৰে বানপানীত ককবকাই থকা ৰাইজৰ বাবে যোগান ধৰা খাদ্য সামগ্ৰী বিতৰণত হোৱা বিসংগতিৰ ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে জিলা উপায়ুক্তক ধমক দিবলগা হোৱা পৰিস্থিতি সঁচাকৈয়ে চিন্তনীয়। ইয়াৰ উপৰিও শাৰীৰিক বিশেষ ভাবে সক্ষম লোকক সাহায্য সামগ্ৰী বিতৰণৰ সময় আৰক্ষীৰ লোকে থিয় গোৰ সোধোৱা কাৰ্যও গৰিহনাৰ যোগ্য। বন্যাৰ্তই এই ধৰণৰ পৰিস্থিতিত দেখোন ভৰষা কৰিবলৈ কোনো কৰ্তৃপক্ষকেই বিচাৰি নাপাবগৈ।
এই বৰ্ষৰ চলিত বানপানীত বন্যাৰ্তই কোনো ধৰণৰ সা-সামগ্ৰী উদ্ধাৰ কৰি ৰাখিব পৰা নাই।মহানগৰ , নগৰ , চহৰ , গ্ৰামাঞ্চল আৰু চৰাঞ্চল সকলোতে সমানেই ক্ষতিগ্ৰস্থ হ’বলগা হৈছে। এনে জটিল সন্ধি ক্ষণত অসম চৰকাৰ , বিভাগীয় আমোলা-বিষয়া , দল-সংগঠন লগতে অসমৰ ৰাইজ সদা জাগ্ৰত হৈ থাকিব লাগিব। নিজৰ দায়বদ্ধতাৰ পৰা সকলো কৰ্তৃপক্ষই এডাল চুলিৰ পৰিমাণো বিচলিত নহৈ সুস্থ মানসিকতা আৰু সাহসেৰে ইতিবাচক ভাবে আৰু সুপৰিকল্পনাৰে ” মানুহে মানুহৰ বাবে ” নীতিৰে বন্যাৰ্তৰ প্ৰতি সেৱা আগবঢ়াব লাগিব ।কাৰণ বানপানীৰ লগত যুঁজি জীৱন সংগ্ৰামত জিকিবলৈ অসমৰ ৰাইজে আৰু কমেও চাৰি মাহ বাট চাব লাগিব।