অসমত বন্ধ নহয় স্মার্ট মিটাৰঃমুখ্যমন্ত্ৰী 

অসমত বন্ধ নহয় স্মার্ট মিটাৰঃমুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্মার্ট মিটাৰৰ প্রি-পেইডক লৈ সৃষ্টি হৈ থকা বিতৰ্কৰ সময়তে পুনৰ এপিডিচিএলে ডিজিটেল মিটাৰ উপভোক্তাক প্রদান কৰিব বুলি শেহতীয়াকৈ প্রকাশিত বাতৰিক নস্যাৎ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য- স্মার্ট মিটাৰ লগোৱাৰ বাবে মানুহে ভালহে পাইছে, বিলো কমকৈ আহিছে। উল্লেখ্য যে স্মার্ট প্রি-পেইড মিটাৰৰ সলনি বিদ্যুৎ বিভাগ ডিজিটেল মিটাৰলৈ যাব বুলি একাংশ বাতৰিত প্ৰকাশ হোৱাৰ লগতে সামাজিক মাধ্যমতো বিষয়টো যথেষ্ট চর্চা চলিছে। এনে সময়তে মুখ্যমন্ত্রী ড° শৰ্মাই এই সমগ্র প্রক্রিয়াক নস্যাৎ কৰি স্পষ্ট কৰে যে স্মার্ট প্রি-পেইড মিটাৰ ডিজিটেল মিটাৰলৈ সলনি নহয়। স্মার্ট মিটাৰত যিহেতু বিল কমকৈ আহে তাৰ বাবে উপভোক্তা যথেষ্ট সুখী। মুখ্যমন্ত্ৰীয়ে এই বক্তব্যৰ দ্বাৰা প্রি-পেইড মিটাৰৰ সলনি ডিজিটেল মিটাৰ প্ৰদান কৰা নহয় বুলি একপ্ৰকাৰ স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে এপিডিচিএলে শেহতীয়াকৈ স্মার্ট প্রি-পেইড মিটাৰৰ সলনি ডিজিটেল মিটাৰলৈ উভতি যাব বুলি বাতৰি প্ৰকাশৰ লগতে নতুনকৈ বিদ্যুৎ সংযোগৰ আবেদন জনোৱা গ্রাহকক পূৰ্বৰ পোষ্ট পেইড ডিজিটেল মিটাৰ প্ৰদান কৰিব বুলিও চর্চা চলিছিল। তেনে সমগ্ৰ চৰ্চা আৰু বাতৰিক মুখ্যমন্ত্ৰীয়ে নস্যাৎ কৰে।