অসমত পুনৰ ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা

Pc Time 8

অসমত পুনৰ ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ অসমত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে । নৰ্থ-ইষ্ট পেক্ট এলপিজি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে  অনিৰ্দিষ্টকাললৈ আহ্বান জনোৱা ধৰ্মঘটৰ বাবেই এই আশংকাই দেখা দিছে । জানিব পৰা মতে ৰাজ্যত চিলিণ্ডাৰ কঢ়িওৱা বাহন সমূহ বন্ধ হৈ পৰিব।ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ আই অ’ চি এল কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় পৰিবহণকাৰী সকলৰ দাবী পূৰণ নকৰাৰ বাবে নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে এই ধৰ্মঘটৰ আহ্বান জনাইছে । গেছ চিলিণ্ডাৰ পৰিবহনৰ বাবে বাহনৰ চলাচল বন্ধ হৈ যোৱাৰ ফলত ৭ টা বটলিং প্লান্ট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব ।ধৰ্মঘটৰ বাবে তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, মিৰ্জা, উত্তৰ গুৱাহাটীত থকা ৰন্ধন গেছৰ বটলিং ফেক্টৰী সমূহলৈ গেছ পৰিবহণত ব্যাঘাত জন্মিব । ইয়াৰ ফলতে ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত গেছ এজেন্সী সমূহ অসুবিধাৰ সন্মুখীন হ’ব । উল্লেখযোগ্য যে আই অ’ চি এল কৰ্তৃপক্ষৰ প্ৰবঞ্চনাৰ অভিযোগ তুলি এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।