অসমত পুনৰ বিজেপি চৰকাৰ হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ সমৰ্থকৰ বিপুল উৎসাহ আৰু হর্ষোধ্বনিত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ জনসমুদ্ৰত পৰিণত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু দলৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিত সমাৰোহত অংশগ্ৰহণ কৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমবেত যুৱ নেতৃত্বক নমস্কাৰ জনাই ঘোষণা কৰে যে ২০২৬ত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত গঠন হ’ব বিজেপি চৰকাৰ। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰে যে অসমৰ যুৱশক্তিৰ সহযোগত ভাৰতীয় জনতা পার্টীয়ে সর্বকালৰ সৰ্বাধিক ভোট লাভ কৰি চৰকাৰ গঠন কৰিব। বিশাল মাত্ৰাত সমবেত হোৱা যুৱ সমাৰোহক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই সমাৱেশক যুৱ মহাকুম্ভ আখ্যা দিয়ে।

নিজ ভাষণত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা স্পষ্ট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অসমকে ধৰি ভাৰতৰ প্ৰতিটো প্ৰান্তৰ পৰা এটা এটাকৈ অবৈধ বাংলাদেশী দখলদাৰীক খেদি পঠিওৱা হ’ব। ভোটাৰসকলক পুনৰ বিজেপিক সমর্থন কৰিবলৈ আহ্বান জনাই গৃহমন্ত্রী অমিত শ্বাহে কয় যে কংগ্রেছে অবৈধ অনুপ্রবেশক বৈধ, আনুষ্ঠানিক আৰু স্বাভাৱিক কৰিলে। তেওঁ কয় যে কংগ্ৰেছ তথা দলটোৰ নেতা ৰাহুল গান্ধীয়ে এছআইআৰৰ বিৰোধিতা কৰিছে। কিয়নো তেওঁলোকে অবৈধ দখলদাৰীক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বিচৰা নাই। কিন্তু ভোটাৰ তালিকাৰ পৰা নাম কটাৰ পৰা কংগ্ৰেছে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে। বিজেপিয়ে তেওঁলোকৰ প্ৰত্যেককে ভোটাৰ তালিকাৰ পৰা আঁতৰাই পঠিয়াব। এজন এজনকৈ অবৈধ বাংলাদেশী চিনাক্ত কৰি দেশৰ বাহিৰ কৰিব। ৰাহুল আৰু কংগ্ৰেছক অবৈধ দখলদাৰীৰ আশ্রয়দাতা আখ্যা দি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়- ৰাহুল গান্ধী নিশ্চিত হ’ব পাৰে যে অবৈধ বাংলাদেশীৰ নাম কেবল ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাই নহয়, তেওঁলোকক খেদি পঠিওৱা হ’ব। বিজেপিয়ে উন্নয়ন, অনুপ্ৰৱেশকাৰীক আঁতৰ কৰা আৰু দৰিদ্ৰ পৰিয়ালৰ স্বাৰ্থৰক্ষা কৰে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনৰ ফলাফল কি হ’ব সেয়া আজিৰ যুৱশক্তিৰ মহাকুম্ভমেলা দেখিয়েই স্পষ্ট হৈছে। অসমত বিজেপিয়ে ঐতিহাসিক ফলাফল লাভ কৰিব বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিগত ৫ বছৰীয়া কাৰ্যকালত লাভ কৰা সফলতাসমূহৰ ওপৰত সবিশেষ আলোচনা কৰে। তেওঁ কয় যে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যত ১.৬৫ লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে। এই নিযুক্তি ২৫ পইচা ভেটি নিদিয়াকৈ সম্পন্ন হৈছে। এই নিযুক্তি কাৰো ছুপাৰিশত হোৱা নাই।

দেশৰ যুৱচামৰ বাবে ৰাহুল গান্ধীয়ে কি কৰিলে বুলি প্রশ্ন তুলি অমিত শ্বাহে কয় যে বিগত ১৫ বছৰত কংগ্ৰেছে যুৱচামৰ বাবে একো কাম নকৰিলে। কেৱল পৰিয়ালৰ বাবেহে তেওঁলোকে কাম কৰিলে। ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা দিলে। বিজেপি চৰকাৰে ড° ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰিলে। গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিলে। বিহু, বড়োসকলৰ বাগুৰুম্বা, চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত স্থান দি বর্ল্ড ৰেকৰ্ড গঢ়িলে। শংকৰদেৱৰ জন্মভূমিক অবৈধ দখলদাৰীৰ পৰা মুক্ত কৰি সাংস্কৃতিক প্রকল্প নিৰ্মাণ কৰিলে। অসম চুক্তি অনুসৰি ছবছৰীয়া আন্দোলনত শ্বহীদ হোৱাসকলৰ স্মৃতিত শ্বহীদ স্মাৰক নিৰ্মাণ কৰিলে। গুৱাহাটীত আইআইএম স্থাপন কৰিছে, ব্ৰহ্মাপুত্ৰৰ পাৰত ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰিছে। কিন্তু কংগ্ৰেছে অসমৰ কলা-সংস্কৃতিক সন্মান নকৰিলে। কংগ্ৰেছৰ শাসনকালত অসম হিংসাৰ বাবে পৰিচিত আছিল আৰু বহু যুৱকক হত্যা কৰা হৈছিল। গৃহমন্ত্রী শ্বাহে অভিযোগ কৰি বয় যে কংগ্রেছে দুর্নীতি, অনুপ্ৰৱেশকাৰীক প্ৰচাৰ আৰু নিজৰ সন্তানৰ স্বাৰ্থৰ নামত মেৰুকৰণত বিশ্বাস কৰে। অমিত শ্বাহৰ নেতৃত্বত বিজেপিৰ গুৰুত্ব হৈছে- উন্নয়ন, অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা আৰু দৰিদ্ৰ লোকৰ সন্তানৰ স্বাৰ্থ পূৰণ নিশ্চিত কৰা। কংগ্ৰেছৰ শাসনৰ সময়ত অসম বিদ্রোহ আৰু হিংসাৰ কেন্দ্ৰ হৈ পৰিছিল।

কিন্তু মোদীজীৰ নেতৃত্বত বড়ো, কার্বি, আদিবাসী, ডিএনএলএফ আৰু আলফা শান্তি চুক্তি সম্পন্ন কৰা হৈছে। ইয়াৰ ফলত ১০,৮০০ৰো অধিক অস্ত্ৰধাৰী সদস্যই আত্মসমর্পণ কৰিছে আৰু ৰাজ্যত শান্তি প্রতিষ্ঠা হৈছে। মোদী চৰকাৰৰ সময়ত অসমত ব্যাপক উন্নয়ন হৈছে। বগীবিল সেতু বিশ্বৰ অন্যতম ইঞ্জিনীয়াৰিং বিস্ময় হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰি ভূপেন হাজৰিকা সেতু, কুমাৰ ভাস্কৰ সেতু, AIIMS, IIM, NFSU, ৰিভাৰফ্ৰণ্ট উন্নয়ন আৰু শিলচৰ এক্সপ্ৰেছ ৱে’ৰ দৰে বহু প্ৰকল্প আৰম্ভকৰা হৈছে। লগতে ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ কাৰখানা স্থাপন কৰা হৈছে। অসমৰ জিএছডিপি ৪ লাখ কোটি টকাৰ পৰা ৭.৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে আৰু প্ৰতিজন ব্যক্তিৰ আয় ৪৯,০০০ টকাৰ পৰা ১,৫৪,০০০ টকালৈ বৃদ্ধি পাইছে। অনুপ্রবেশ বিষয়ত শ্বাহে কয় যে কংগ্ৰেছ চৰকাৰৰ সময়ত অসম অনুপ্ৰৱেশকাৰীৰ আশ্রয়স্থল হৈ পৰিছিল। বিজেপি চৰকাৰে ১,৫১,০০০ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে। তেওঁ কয় যে তৃতীয় জনাদেশ লাভ কৰিলে অসমক সম্পূর্ণ অনুপ্ৰৱেশমুক্ত কৰা হ’ব। শেষত গৃহমন্ত্ৰী শ্বাহে অসমৰ যুৱ সমাজক আহ্বান জনায় যে ভোটদানৰ তাৰিখলৈকে প্রতিজন যুৱকে নিজৰ বুথ, গাঁও আৰু চহৰত বিজেপিৰ বার্তা, কমল চিহ্ন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতি ঘৰে ঘৰে পঠিয়াব লাগে। তেওঁ কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰি আৰু মোদীজীৰ নেতৃত্ব শক্তিশালী কৰি অসমত পুনৰ তৃতীয়বাৰ বিজেপি চৰকাৰ গঠন কৰা হ’ব।
