অসমত থাকি, অসমৰ বায়ু-পানী সেৱন কৰি, অসমীয়া ভাষাত অসমীয়াক ভাবুকি দিয়া মইনুদ্দিন আলী অসমীয়া নহয়: অসম জাতীয় পৰিষদ

pc- assamjatiyaparishad.org

অসমত থাকি, অসমৰ বায়ু-পানী সেৱন কৰি, অসমীয়া ভাষাত অসমীয়াক ভাবুকি দিয়া মইনুদ্দিন আলী অসমীয়া নহয়: অসম জাতীয় পৰিষদ, গ্ৰেপ্তাৰৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত থাকি, অসমৰ বায়ু-পানী সেৱন কৰি, অসমীয়া ভাষা ব্যৱহাৰ কৰি অসমীয়া জাতিক সংখ্যালঘু কৰাৰ ভাবুকি দিয়া এ বি এমছুৰ নেতা মইনুদ্দিন আলীৰ বক্তব্যক তীব্ৰ গৰিহণা দিয়ে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসমীয়া জাতি আৰু ভাষাৰ লগত উচ্ছেদৰ সম্পৰ্ক নাই, এই কথা সকলোৱে জানে। চৰকাৰে উচ্ছেদ কৰিছে আদানিক মাটি দিবৰ বাবে। এই কাম কৰিবলৈ যাওঁতে বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। আইন আৰু উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নীতি-নিয়ম উলংঘা কৰি, ৰাজনৈতিক উদ্দেশ্যে-প্ৰণোদিতভাৱে চৰকাৰে চলাই থকা উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰোধিতা হৈছে, হ’ব। কিন্তু ইয়াৰ গইনা লৈ অসমীয়া জাতিক কোনোবাই সংখ্যালঘু কৰি দিয়াৰ ভাৱুকি দিব, এইটো সহ্য সীমাৰ বাহিৰত। এনে ধৰণৰ মুৰ্খামিৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কুঠাৰাঘাত নকৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক সকীয়াই দি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে অসমৰ মাটি, মানুহ আৰু ভাষাক ভাল পোৱাজনেহে নিজকে অসমীয়া বুলি ভাৱে আৰু পৰিচয় দিয়ে। কিন্তু উক্ত তিনিওটাৰ যিকোনো এটাক ভাল নোপোৱাজন অসমীয়া হ’ব নোৱাৰে। এনে দৃষ্টিভংগীত অসমীয়া জাতিক ভাৱুকি দি ব্লেকমেইলিং কৰিব খোজা উল্লিখিত নেতাজনো অসমীয়া নহয়। এনে ধৰণৰ নেতাৰ উদ্দেশ্যে প্ৰণোদিত, সাম্প্ৰদায়িক, ষড়যন্ত্ৰমূলক বক্তব্যৰ জালত ভৰি নিদিবলৈ ৰাইজক আহ্বান জনাই জাতীয় পৰিষদৰ নেতাদ্বয়ে মইনুদ্দিন আলীক সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰি বিচাৰ চলাবলৈ অসম আৰক্ষীক দাবী জনায়।