অসমত থকা নেপালী সম্প্ৰদায় বা গোৰ্খাসকলৰ কালী পূজাৰ উদযাপন – চন্দ্ৰ শেখৰ পৰাজুলী

Pc- Hindustan Times

অসমত থকা নেপালী সম্প্ৰদায় বা গোৰ্খাসকলৰ কালী পূজাৰ উদযাপন

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

নেপালী বা গোৰ্খাসকলৰ কালী পূজা এটি গুৰুত্বপুৰ্ণ আধ্যাত্মিক, সাংস্কৃতিক, বিশ্বাস আৰু ঐক্যতাৰ প্ৰতীক। গোৰ্খাসকলে উদযাপন কৰি অহা কালী পূজা (তিহাৰ,দীপাৱলী) মুঠ পাঁচটা দিনৰ কাৰ্যকমত অনুষ্ঠিত হয়। বিক্ৰম সন্মত বর্ষপঞ্জি অনুসৰি কাৰ্তিক মাহৰ কৃষ্ণপক্ষেৰ এয়োদশী তিথিৰ দিনা কাউৰী তিহাৰ পৰা আৰম্ভ হৈ কাৰ্তিক মাহৰ শুক্লপক্ষেৰ দ্বিতীয় তিথিৰ ভাই টিকা লগাই নেপালী তথা গোৰ্খাসকলৰ কালী পূজাৰ সমাপন ঘটে।কালী পূজা বা তিহাৰ উদযাপন কৰা প্ৰক্ষ্যাত কথাবোৰ মাজত এক একেবাৰে প্ৰচলিত কথা ভাগ মৃত্যুৰ দেৱতা য়মৰাজ আৰু তেওঁৰ ভগ্নী য়মুনা মাজত উৎৰ্গিত আছে। য়মৰাজৰ ভগ্নী য়মুনায়ে নিজ ককায়েকৰ লগত লগ নকৰা বহুত দিন হৈছিল। সেয়েহে য়মুনায়ে নিজ ভাতৃৰ লগত লগ কৰিবলৈ প্ৰথমে কাউৰী, কুকুৰ তাৰ পাচত গাইক বাৰ্তা দি পঠালে।আৰু অন্তিমত য়মুনায়ে নিজে গৈ ভাতৃৰ ফুল,ফল,মালা আদি পিন্ধাই পূজা কৰে।এইদৰে আধ্যাত্মিক বিশ্বাসৰ লগত সংঘতি ৰাখি নেপালী বা গোৰ্খাসকলৰ মাজত কালী পূজা বা তিহাৰি উদযাপন কৰাৰ পৰম্পৰা প্ৰচলিত হৈছিল।নেপালী সকলৰ কালী পূজাৰ প্ৰথম দিনটোত কাউৰী বিলাকৰ পূজা কৰা নিয়ম প্ৰচলিত আছে। কাৰণ কাউৰীয়ে সদায় এক বাৰ্তাবাহক ৰূপত দেখা যায়। মানুহৰ জীৱনত এক উন্নতি সাধাৰণ বাবে কাউৰীক কালী পূজাৰ প্ৰথম দিনটোত পূজা কৰি অহা নিয়ম প্ৰচলিত আছে। আৰু তাৰ পাচত কালী পূজাৰ দ্বিতীয় দিনা কুকুৰক পূজা কৰি অহা নিয়ম প্ৰচলিত আছে। কাৰণ কুকুৰাৰ অতীতৰ পৰাই মানুহৰ এক ভৰসাদায়ক জন্তু হিচাপে ধৰা হয়।তাৰ পিছৰ কালী পূজাৰ তৃতীয় দিনৰ দিনা গাইবোৰৰ পূজা কৰা হয়। কাৰণ গাইবোৰক হিন্দু ধৰ্মত দেৱী লক্ষ্মী ৰূপত পূজা কৰা হয়। আৰু সেই তৃতীয় দিনৰ দিনাই সন্ধিয়া সময়ত চৌদিশে চাকি, বন্তি জ্বলাই দেৱী লক্ষ্মীৰ পূজা,অৰ্চনা কৰা নিয়ম প্ৰচলিত আছে। লক্ষ্মী পূজাৰ পৰ্ব শেষ হোৱাৰ পিছত লেপালী সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ লোকে নিজা নিজা দল বান্ধি ঘৰে ঘৰে গৈ আনন্দ উল্লাখৰ মাজেৰে অসমীয়া সমাজৰ হুঁচৰি মৰাৰ পৰম্পৰাৰ দৰে আমাৰো দেউচি-ভয়লী খেলাৰ নিয়ম প্ৰচলিত আছে। এই দেউচি-ভয়লী খেলৰ পৰম্পৰা কালী পূজাৰ তৃতীয় দিয়া সন্ধিয়াৰ পৰা আৰম্ভ হয় আৰু একেৰাহে চতুৰ্থ দিনৰ দিনা ৰাতিপুৱালৈকে চলি থাকে। ইয়াৰ উপৰিও কালী পূজাৰ তৃতীয় দিনৰ দিনাই কিছুমানে ৰাতি সকলোৱে লগ,বন্ধু, ওচৰ-চুবুৰীয়া,পৰিয়ালৰ সকলোবোৰ সদস্য বহি একেলগে মিলি পাশা, তাচ পাত খেলা নিয়ম প্ৰচলিত আছে। এদিনাখন যোৱা খেলৰ নিয়ম এইকাৰনে প্ৰচলিত হৈছে যে এইদিনায়েই পৌৰাণিক আক্ষ্যান অনুসৰি দেৱী পাৰ্বতীয়ে ভগৱান শিবৰ লগত পাশা খেল খেলিবলৈ বহিছিল। আৰু আমাৰ ধৰ্মগ্ৰন্থবোৰতো উল্লেখ আছে যে কালী পূজাৰ তৃতীয় দিনৰ দিনাখনে দেৱী লক্ষ্মী ভগৱান আৰু দানৱৰ সমূদ্ৰ মন্থনৰ জৰিয়তে প্ৰকট হৈছিল।কালী পূজাৰ চতুৰ্থ দিনৰ দিনা গোবৰ্ধন পূজা কৰাৰ নিয়ম প্ৰচলিত আছে।এইদিনা গাইৰ গোৱৰৰ জৰিয়তে গোবৰ্ধন পৰ্বত বনাই পূজা কৰা হয়। এইদিনাখনে ভগৱান শ্ৰীকৃষ্ণয়ে ভগৱান ইন্দ্ৰ দেৱতাৰ ক্ৰোধৰ পৰা গাওঁবাসীক ৰক্ষা কৰিবলৈ গোৱৰ্ধন পৰ্বত দাঙিচিল। কালী পূজাৰ পঞ্চম তথা অন্তিম দিনৰ দিনা ভাইটিকা বা ভাইফুটা লগোৱা পৰম্পৰা অৰ্থাৎ ভনী বা বাইদেউ নিজ নিজ সম্বন্ধীয় ভাতৃ সকলক মাতি নিজ ঘৰত বা নিজা ঘৰতেই নানান ৰং,বিৰঙৰ ৰংবোৰৰ জৰিয়তে ভাতৃৰ কপালত ফোঁট লগাই ফুলৰ মালা পিন্ধাই,আমাৰ নেপালী বা গোৰ্খাসকলৰ আই-মাতৃৰ হাতেদি তৈয়াৰ খাৰু ৰুটি( ঘোমাকা ৰুটি) আৰু তিলৰ আচাৰ আদিৰ লগতে নানান মিঠাই, বিভিন্ন ধৰণৰ খাদ্য- ব্যঞ্জন জৰিয়তে সকলোৱে মিলি অন্ন গ্ৰহণৰ প্ৰথা প্ৰচলিত হৈ আহিছে। কালী পূজা হল হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ এক পবিত্ৰ পোহৰৰ উৎসৱ। ইয়াক দীপাৱলী বা যমপঞ্চক নেমেৰেও জনা যায়। নেপালী বা গোৰ্খাসকলে মাজত প্ৰচলিত হোৱা কথা অনুসৰি ইয়াক তিহাৰ উৎসৱ বুলি উদযাপন কৰে। গতিকে এইদৰে একেবাৰে অতীজৰে পৰা চলি অহা লগতে আমাৰ হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থবোৰৰ লগত সংগতি ৰাখি অসমত বসবাস কৰি অহা নেপালী বা গোৰ্খাসকলে কালী পূজা এনেদৰে উদযাপন কৰি অহা দেখিবলৈ পোৱা যায়।