অসমত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ

অসমত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত চলি থকা নিৰ্মম নিষ্ঠুৰ অমানৱিক উচ্ছেদ অভিযানৰ বিৰুদ্ধে এছ ইউ চি আই (কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত ৰাজ্যজুৰি জিলাই জিলাই প্ৰতিবাদ দিৱস পালন কৰা হয়। এই উপলক্ষে গোৱালপাৰা, ধুবুৰী, দৰং, লক্ষীমপুৰ, দঃ শালমাৰা-মানকাচৰ, শোণিতপুৰ, নলবাৰী, কাছাৰ, কৰিমগঞ্জ আদি বিভিন্ন জিলাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।এই উপলক্ষে গুৱাহাটী মহানগৰীতো প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী উপলক্ষে উলুবাৰী চাৰিআলি, জি এছ ৰোডৰ বিভিন্ন ঠাইত স্কোৱাডিং আৰু প্ৰতিবাদী সভা অনুষ্ঠিত হয়। এই প্ৰতিবাদী বিক্ষোভ সভাত বক্তব্য ৰাখে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদকমণ্ডলীৰ সদস্য কমৰেড অজিত আচাৰ্য আৰু কমৰেড আব্দুছ ছবুৰে। বিক্ষোভ কাৰ্যসূচীত বিকল্প পুনৰ্বাসনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কাৰ্য বন্ধ কৰক, সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ভাৰতীয় নাগৰিক ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক পৰিকল্পিত ভাবে উচ্ছেদ কৰা নচলিব, সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ চলাই দুখীয়া জনসাধাৰণৰ ঐক্য ধ্বংসৰ চক্ৰান্ত বন্ধ কৰক আদি শ্লোগানেৰে বিক্ষোভ স্থলী মুখৰিত কৰি তোলে।