অসমত চলিছে খিলঞ্জীয়া আৰু মিঞাৰ ৰাজনীতি
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
ৰাজ্যত খিলঞ্জীয়াৰহে প্ৰভুত্ব চলিব,মিঞা’ক উজনিলৈ যাবলৈ দিয়া নহব – ইত্যাদি উত্তপ্ত বিতৰ্কিত শ্লোগানেৰে ৰাজনীতি তোলপাৰ লাগিছে ৷ ফলত চৰম বিভ্ৰান্তিৰ মাজেৰে নৈৰাজ্যৰ দিশে অসম তথা জনসাধাৰণ ৷ কিছুমান বক্তব্য ৰাজনীতিত ভাল দেখি কিন্তু বাস্তৱত চাবলৈ গ’লে তাৰ ওলোটাহে ৷ নিৰ্বাচনৰ সময়ত মিঞা’কো লাগে আৰু খিলঞ্জীয়াকো লাগে, নিৰ্বাচন শেষ হোৱাৰ পাছত মিঞা- খিলঞ্জীয়াৰ ৰাজনীতি ৷ মিঞাৰ যদি আমাৰ প্ৰয়োজনে নাই তেতিয়া হ’লে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে ভোট বিচাৰি কিয় যায় ? মিঞা’ক আমিয়েই বহুৱাইছো,আমিয়েই খুৱাইছোঁ যিটো আমাৰ অকৰ্মণ্যতাৰ পৰিচয় ৷ আমিযে খাৰ খোৱা অসমীয়া আমাৰ কৰ্ম মুখেৰে প্ৰতিফলিত হয় , হাতেকামে কৰাৰ সময়ত আমাৰ হাতভৰি ফুলে ৷ খিলঞ্জীয়াইও কৰ্ম কৰিছে মিঞাইও কৰ্ম কৰিছে ৷ অকৰ্মন্য হৈ কোনোৱে খাবলৈ নেপায় ৷ বিভেদ, বিভাজন ধৰ্ম আৰু ৰাজনীতিয়ে আনে কৰ্মত কোনো জাতিধৰ্ম নাই কাৰণ ভোকাতুৰ পেটে নেজানে কোনো জাতিধৰ্ম ৷ কৰ্মস্পৃহা যাৰে বেছি সেইজনেই উন্নতিৰ শিখৰ বগাবলৈ সক্ষম হয় ৷ অসম বহু সমস্যাৰে জৰজৰিত এখন দেশ ৰাজনীতিৰ বিষয়বস্তু হব লাগে আমাৰ সমস্যা সমূহ বানপানীৰ সমস্যা,মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা,নিবনুৱা সমস্যা,আৰ্থিক দৰিদ্ৰতা,শিক্ষা,জ্ঞান, সন্মান,মানমৰ্য্যাদা ইত্যাদি ৷ কিন্তু তাৰ বিপৰীতে বিষয়বস্তু হৈছে মিঞা আৰু খিলঞ্জীয়া ইয়াৰ পৰা ৰাজনেতা সকলৰ সুবিধা হ’ব পাৰে কিন্তু জনসাধাৰণৰ কোনো হিতাহিত নহয় ৷ অসম দেশ তেতিয়াহে মহান হ’ব যেতিয়া আমাৰ চিন্তাধাৰা উচ্চ হ’ব নহলে ৰাজনেতা সকলৰ পকেট গৰম হ’ব ৷ উত্তপ্ত বিতৰ্ক শ্লোগানেৰে ৰাজনীতি তোলপাৰ লগাই ভোগী সকলে ভোগ কৰি সিপাৰ হ’ব কিন্তু দুৰৱস্থা হ’ব চলিত প্ৰজন্মটোৰ আৰু আহি থকা প্ৰজন্মটোৰ ৷ গতিকে সজাগ সচেতনতাৰ প্ৰয়োজন যথেষ্ট ভাৱে জৰুৰী নহলে বিপদ অনিবাৰ্য্য ৷