অসমত গোধ্বজ প্ৰতিষ্ঠা কৰা হল

অসমত গোধ্বজ প্ৰতিষ্ঠা কৰা হল

ৰঙিলী বাৰ্ত্তাসেৱা- ২৬ ছেপ্টেম্বৰ ২০২৪ তাৰিখে অসমৰ ৰাজধানী দিছপুৰ(গুৱাহাটী) সমীপৰ শ্ৰী গৌশাল, আঠগাওঁত শ্ৰী হনুমান মন্দিৰত ‘পৰমাৰাধ্য’ পৰমধৰ্মধীশ উত্তৰাম্নায় জ্যোতিষপীঠধীশ্বৰ অনন্তশ্ৰী বিভূষিত জগদগুৰু শংকৰাচাৰ্য স্বামীশ্ৰী : সৰস্বতী ‘১০০৮’ জী মহাৰাজে ৰীতি-নীতি আৰু বেদ মন্ত্ৰৰ জৰিয়তে ধ্বজ পূজা কৰি গোধ্বজ প্ৰতিষ্ঠা কৰি গো সুৰক্ষাৰ সংকল্প দৃঢ়তাৰে পালন কৰিবলৈ সকলো সনাতনীক নিৰ্দেশ দিলে। এই উপলক্ষে গৌ-গংগাৰ কৃপাকাংক্ষী শ্ৰীযুত গোপালমণি জি মহাৰাজ, শ্ৰী দেৱেন্দ্ৰ পাণ্ডে জী, শৈলেন্দ্ৰ যোগী জী, শ্ৰী ৰঞ্জিত দাস,মিডিয়া প্ৰভাৰী আদি উপস্থিত থাকে। সুৰজমল জুহৰমল সাংগানেৰীয়া ধৰ্মশালাত সাংবাদিকসকলক সম্বোধন কৰে পূজ্যপদ শংকৰাচাৰ্য জী মহাৰাজে । পূজ্যপদ শংকৰাচাৰ্য জী মহাৰাজ অসমৰ পৰা ইং২৭/০৯/২০২৪ তাৰিখে মণিপুৰ অভিমুখে ৰাওনা হব ।