অসমত কোনো বাংলাদেশীক সোমাবলৈ দিয়া নহ’বঃ জি পি সিং

অসমত কোনো বাংলাদেশীক সোমাবলৈ দিয়া নহ’বঃ জি পি সিং

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্র প্রতাপ সিঙে এক অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে, অসম আৰক্ষীয়ে বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ অজুহাতত অসমত যাতে কোনো বাংলাদেশীয়ে অবৈধভাবে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্রতি বিশেষ দৃষ্টি ৰাখিছে । আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ ফলত সৃষ্ট পৰিৱেশৰ পিছৰে পৰা আমি যথেষ্ট সষ্টম হৈ আছোঁ। এই সন্দর্ভত ঘটনাটো সংঘটিত হোৱাৰ দিনাই কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে বিএছএফ আৰু অসম আৰক্ষীৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ সীমান্ত সংলগ্ন হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ আন চাৰিখন ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানেও আলোচনাত মিলিত হৈছিল। উক্ত আলোচনাৰ পিছৰে পৰাই অসমৰ প্ৰত্যেকখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জৰুৰী বাৰ্তা মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে। আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্রথম সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে বিএছএফ। বিএছএফৰ সৈতে একেলগে অসম আৰক্ষীকো সষ্টম হোৱাৰ নিৰ্দেশ দিয়ে হৈছে। কোনোপধ্যে বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী অসমত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মোতায়েন কৰা আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। অৱশ্যে তাৰ মাজতো ভাৰতৰ পাৰপত্ৰ থকা লোকৰ ভিতৰত যিসকলে ব্যৱসায় বা অধ্যয়ন সূত্রে বাংলাদেশত আছিল তেওঁলোকৰ সকলো কাগজ-পত্র, ভিছা আদি চিনাক্ত কৰাৰ পাছতহে ভাৰতবৰ্ষত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। তদুপৰি বাংলাদেশৰ সৈতে জড়িত থকা অসমৰ সীমান্ত এলেকাবোৰৰ ভিতৰত যিবোৰ এলেকাত অনুপ্ৰৱেশৰ সম্ভাৱনা দেখা গৈছে তাত বিএছএফৰ সৈতে অসম আৰক্ষীৰ জোৱানক যুটীয়াভাৱে পেট্র’লিং অব‍্যাহত ৰখাৰ কঠোৰ নিৰ্দেশো প্ৰদান কৰা হৈছে। এতিয়ালৈকে কোনোধৰণৰ অনুপ্ৰৱেশৰ ঘটনা অসমত সংঘটিত হোৱা নাই বুলি মন্তব্য কৰিছে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে।