অসমত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব শ্যামকানু মহন্তই

Pc ETV Bharat

অসমত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব শ্যামকানু মহন্তই

ৰঙিলী বাৰ্ত্তাসেৱা-  ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেললৈ মাতি নি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উঠা শ্যামকানু মহন্তক অসমত ‘ব্লেকলিষ্টেড’ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। ফেষ্টিভেল মহন্ত হিচাপে পৰিচিত হৈ পৰা অকল শ্যামকানু মহন্তকে নহয়, এইজন সংস্কৃতিৰ দালালৰ সৈতে সম্পর্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জুবিন গাৰ্গৰ অকাল বিয়োগ তথা প্রিয় শিল্পীগৰাকীক মঙলবাৰে চিৰবিদায় জনোৱাৰ শোকে প্রতিজন অসমীয়াক বিষাদগ্ৰস্ত কৰি ৰখাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্যামকানু মহন্তৰ ওপৰত আৰোপ কৰা এনে কঠোৰ নিষেধাজ্ঞাৰ কথা সদৰী কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পর্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰেও মহন্তৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনোধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্রদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনোধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা আগনবঢ়াবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই কঠোৰ সিদ্ধান্তৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত অন্ত্যেষ্টিক্ৰিয়াৰ পিছদিনাই কাৰ্যতঃ মুখ্যমন্ত্রী ড° শর্মাই এক্সন আৰম্ভ কৰিলে। উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ আৰু বিকাশৰ প্ৰকল্প দেখুৱাই কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন ধৰণৰ সংস্থাৰ পৰা পুঁজি আহৰণেৰে শ্যামকানু মহন্তই দেশে-বিদেশে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। নর্থ-ইষ্ট ফেষ্টিভেল, ৰঙালী, ট্রেণ্ড এমএমএছ আদি উৎসৱৰ নামত বছৰি লাখ লাখ টকা সৰকাই নিজৰ জেপ গধুৰ কৰাৰ অভিযোগ শ্যামকানু মহন্তৰ বিৰুদ্ধে দীর্ঘদিনীয়া। এইবাৰো ছিংগাপুৰত এইজন সংস্কৃতিৰ দালালে আয়োজন কৰিছিল নর্থ-ইষ্ট ফেষ্টিভেলৰ। য’ত অনুষ্ঠান পৰিৱেশনৰ বাবে যুৱপ্ৰজন্মৰ হার্টথ্র’ব জুবিন গাৰ্গকো আমন্ত্রণ জনোৱা হৈছিল। শাৰীৰিকভাৱে অসুস্থ হৈ থকাৰ লগতে ছিজাৰ ৰোগত আক্রান্ত জুবিন গাৰ্গৰ বাবে জুই-পানী অতি ভয়াৱহ হ’ব পাৰে বুলি জানিও তেওঁৰ স্বাস্থ্য আৰু সুৰক্ষাৰ দিশটোক সম্পূর্ণভাবে আওকাণ কৰি লৈ যোৱা হৈছিল সাগৰৰ বুকুত য়াট বিনোদনৰ বাবে। এই য়াট বিনোদনত গৈ সাঁতুৰি থকা অৱস্থাতে দুর্ভাগ্যজনকভাৱে যোৱা ১৯ ছেপ্টেম্বৰত অকাল বিয়োগ ঘটে জুবিন গাৰ্গৰ। দায়িত্বজ্ঞানহীন সমগ্র এই কর্মকাণ্ডৰ কাৰণে সমগ্ৰ অসমবাসীয়ে একমুখে অভিযোগৰ আঙুলি টোৱাইছে নর্থ-ইষ্ট ফেষ্টিভেলৰ শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ অনা-অসমীয়া মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ প্ৰতি। বিশেষকৈ উৎসৱ-অনুষ্ঠান আয়োজন কৰি নিজৰ জেপ গধুৰ কৰা শ্যামকানু মহন্তৰ ভূমিকাক কোনেও সহজভাৱে মানি ল’ব পৰা নাই। যাৰ বাবে বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্যামকানু মহন্তৰ বিৰুদ্ধে বৰ্তমানপর্যন্ত ৬০খনতকৈও অধিক এজাহাৰ দাখিল কৰিছে। এই এজাহাৰসমূহত শ্যামকানু মহন্তৰ উপৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে অভিযুক্ত কৰা হৈছে মেনেজাৰ সিদ্ধার্থ শৰ্মা, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণক। মুখ্যমন্ত্রী ড° শৰ্মাৰ নির্দেশমর্মে ইতিমধ্যে ভিন্ন প্ৰান্তত ৰুজু হোৱা এই এজাহাৰসমূহ চিআইডিলৈ হস্তান্তৰ কৰি ১৮/২০২৫ নম্বৰৰ এক সংহত গোচৰ অসম আৰক্ষীৰ অনুসন্ধানকাৰী সংস্থাটোত ৰুজু কৰা হৈছে। যি গোচৰৰ ভিত্তিত ইতিমধ্যে চিআইডিয়ে আৰম্ভ কৰিছে তদন্ত প্রক্রিয়া।  তাৰ মাজতে জুবিন গাৰ্গক ছিংগাপুৰলৈ আমন্ত্ৰণৰ মূল হোতা ফেষ্টিভেল মহন্ত হিচাপে পৰিচিত শ্যামকানু মহন্তক ৰাজ্য চৰকাৰে অসমত নিষিদ্ধ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। সমান্তৰালভাৱে স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্তৰ আওতাত শ্যামকানু মহন্ত সোমাই পৰাটো নিশ্চিত। লক্ষণীয়ভাৱে সামাজিক মাধ্যমত ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা আদিৰ দৰে ব্যক্তিসকলৰ মুখাৰ আঁৰৰ মুখ জুবিন গাৰ্গৰ অনুৰাগী-গুণমুগ্ধ আৰু তেওঁৰ একাংশ ঘনিষ্ঠই উদঙাই দিছে। শ্যামকানু মহন্তৰ দৰে ব্যক্তি কিমান বেপাৰী মানসিকতাৰ হ’ব পাৰে সেয়া এটা কথাই প্রতীয়মান কৰে। বৰ্তমানে আত্মগোপন কৰি থকা শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত বাৰম্বাৰ ভাষ্য সলনি কৰা বিষয়টোৱে তেওঁৰ প্ৰকৃত চৰিত্ৰ অসমবাসীৰ সন্মুখত উন্মোচিত কৰা বুলি সৰ্বত্ৰ চৰ্চা অব্যাহত আছে।