অসমত কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc- deccan herald

অসমত কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেইবাটাও শক্তিশালী নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক পৰাজিত কৰিবলৈ সক্ষম হৈছে বিজেপি মিত্ৰজোঁটে।বহুকেইটা নিৰ্বাচনত মুখথেকেচা খাইছে কংগ্ৰেছে।অসমৰ ৰাজনীতিত এতিয়া বিৰোধী দল কংগ্ৰেছ একপ্ৰকাৰ বিধ্বস্ত হৈ পৰাৰ সময়ত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য।মুখ্যমন্ত্ৰী শৰ্মাই বিজেপি আৰু মিত্ৰদল অগপক কংগ্ৰেছ নাই বুলি হাত সাৱটি বহি নাথাকিবলৈ আহ্বান জনায়৷কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিশাল জয়লাভৰ পাছত তেজপুৰৰ সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে,”কাৰ্বি আংলং জিলা নিৰ্বাচনৰ ফলাফল যথেষ্ট ভাল হৈছে৷বিজেপি দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিছে।কিন্তু অসমত কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাই।কংগ্ৰেছ নাই বুলি হাত সাৱতি বহি নাথাকিব।কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু ই কেতিয়াও নিঃশেষ হৈ নাযায়৷উল্লেখযোগ্য যে,অহা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ লগতেই বিজেপি মিত্ৰজোঁটৰ প্ৰতিদ্বন্দিতা হ’ব বুলি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।