অসমত এইচ এম পি ভিৰ প্ৰথমটো ঘটনা চিনাক্ত

অসমত এইচ এম পি ভিৰ প্ৰথমটো ঘটনা চিনাক্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ক’ভিড ভয়াবহতাৰ পাছত দেশত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে এইচ এম পি ভি ভাইৰাছ । ক’ভিডৰ দৰে এই ভাইৰাছ ভয়ংকৰ নহয় বুলি চিকিৎসা বিশেষজ্ঞসকলে দাবী কৰিছে যদিও ক্ৰমাৎ এই এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।এইবাৰ অসমত ধৰা পৰিছে প্ৰথমটো এইচ এম পি ভি আক্রান্ত ৰোগী। দেশৰ দুখনমান ৰাজ্যত ইতিপূর্বে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত দেশজুৰি এলার্ট জাৰি কৰাৰ পাছত অসমত এই ভাইৰাছত আক্রান্ত ৰোগী ধৰা পৰিছে। জানিব পৰা অনুসৰি এই এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হৈছে লখিমপুৰৰ এটি ১০মহীয়া শিশু। সম্প্রতি ১০মহীয়া এই শিশুটি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। শিশুটি বিপদমুক্ত বুলি মেডিকেল কর্তৃপক্ষৰ পৰা সদৰী কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ৮ জানুৱাৰীত এই এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হোৱা লখিমপুৰৰ এটি শিশু অসম মেডিকেল কলেজত ভর্তি হৈছিল। প্ৰথমাৱস্থাত শিশুটিৰ স্বাস্থ্যৰ সকলো পেৰামিটাৰ অলপ ঊর্ধ্বত আছিল যদিও এতিয়া ক্রমান্বয়ে সকলো কমিছে আৰু বৰ্তমানলৈ সম্পূৰ্ণ সুস্থ অৱস্থাতে শিশুটিক সুকীয়াকৈ ৰখা হৈছে। লগতে সূক্ষ্মভাৱে সকলো নিৰীক্ষণত আছে। আক্রান্ত শিশুটিৰ পৰিয়ালৰ কোনো ট্রেভেল হিষ্টী নাই বুলিও উল্লেখ কৰে অধীক্ষক গৰাকীয়ে। সাধাৰণতে এই ভাইৰাছত আক্রান্ত লোকৰ সাধাৰণ জ্বৰ, পানীলগা ইত্যাদিবিলাক উপসর্গই দেখা দিয়ে। মানৱ শৰীৰত ইমিউন ছিষ্টেম দুৰ্বল হোৱা লোকক এই ভাইৰাছে সহজতে আক্ৰমণ কৰে। শিশু আৰু বৃদ্ধ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এয়া কোনো নতুন ভাইৰাছ নহয়। ক’ভিডৰ সময়তে এই ভাইৰাছৰ উদ্ভৱ হৈছিল আৰু ২০১৪ চনৰে পৰা এনে পৰিপ্ৰেক্ষিতত অসম মেডিকেল কলেজত নিয়মীয়াকৈ ইয়াৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে বুলি অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই সদৰী কৰি কোনো লোককে আতংকিত নহ’বলৈ পৰামৰ্শ দিয়াৰ লগতে সকলোকে কেৱল সজাগ হ’বলৈ আহ্বান জনায়। আমি ক’ভিডৰ সময়ত পালন কৰা সকলো নীতি-নিয়ম নিয়াৰিকৈ মানি চলিলে এনে ৰোগৰ পৰা হাত সাৰিব পাৰি বুলিও তেওঁ মন্তব্য কৰে। স্বাভাৱিকতে ৰাজ্যত প্ৰথমটো এনে ৰোগৰ আবির্ভাবে অনাগত দিনবিলাকত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া হ’ব লক্ষণীয়।