অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ চমুকৈ NEP ২০২০ৰ শুভাৰম্ভ

অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ চমুকৈ NEP ২০২০ৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ চমুকৈ NEP ২০২০ৰ শুভাৰম্ভ হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩-২৪ শিক্ষা বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এইবাৰৰ পৰা নতুন শিক্ষা নীতিৰ আধাৰত আৰম্ভ হ’ব পাঠ্যক্ৰম। সেই অনুসৰি এতিয়াৰে পৰা ডিগ্ৰী পাঠ্যক্ৰম ৩ বছৰৰ পৰিৱৰ্তে ৪ বছৰীয়া হ’ব। চলিত বছৰৰ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ আধাৰত Gauhati University Four-Year Undergraduate Programme চমুকৈ GUFYUGP আৰম্ভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অসমত লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছে। ৰাজ্যৰ উচ্চ শিক্ষাৰ বাবে আজিৰ দিনটো এক মাইলৰ খুঁটি।নিজৰ ভাষণত তেওঁ কয় যে, এই নতুন শিক্ষা নীতিয়ে শিক্ষাৰ্থীৰ বহুমুখী বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই নীতি অনুসৰি যিকোনো বিভাগৰ শিক্ষাৰ্থীয়ে যিকোনো বিষয় অধ্যয়ন কৰিব পাৰিব। কলা, বিজ্ঞান, বাণিজ্য তিনিওটা বিভাগ সকলো মহাবিদ্যালয়ত থাকিব। যিসমূহ কলেজত এই তিনিওটা বিভাগ নাই সেই সমূহ কলেজত ইয়াৰ ব্যৱস্থা কৰিব।