অসমজুৰি অবৈধ বাল্য বিবাহৰ স্বামী ধৰা কাৰ্যসূচী

অসমজুৰি অবৈধ বাল্য বিবাহৰ স্বামী ধৰা কাৰ্যসূচী

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে অবৈধ স্বামী সকলৰ বিৰুদ্ধে অসমজুৰি তীব্রতৰ হৈছে আৰক্ষী প্ৰশাসন।অসমৰ ভিন্ন প্ৰান্তত নিশা এটাৰ পিছত এটাকৈ অবৈধ স্বামী ধৰিছে প্ৰশাসনে।মৈৰাবাৰী আৰক্ষীয়ে নিশা চলোৱা এক অভিযানত আটক দুজনকৈ অবৈধ স্বামী।মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আটক হোৱা অবৈধ স্বামী দুজন হল চহৰীয়া পাম গাঁৱৰ নেকীবুৰ ৰহমান(২৩)আৰু বেলবৰী গাঁৱৰ কুতুব উদ্দীন(২৮)।আটক হোৱা দুয়োজন বৰ্তমানে মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে।আনহাতে তথ্য অনুসৰি এই অভিযানত মৈৰাবাৰী অঞ্চলৰ বহুতো অবৈধ স্বামী আটক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও বহু কেইজন অভিযুক্ত স্বামী আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে।