অসন্তুষ্টি মনৰ আলহী – প্ৰাণ প্ৰতিমা বড়া

Pc Unsplash

অণুগল্প

অসন্তুষ্টি মনৰ আলহী

প্ৰাণ প্ৰতিমা বড়া,
অধিবক্তা তথা লেখিকা,গুৱাহাটী

”মোৰ ঘৰত অকণমানো শান্তি নাই ৷”

হেৰা টেবুলত থোৱা বস্তুবোৰ ক’ত গ’ল? টিভিৰ ৰিম’টটো ক’ত ? মোৰ আলনাডালত থকা নীলা চাৰ্টটো ক’ত? মুঠতে মোৰ শান্তি নাই ৷ মোৰ নিজৰ বস্তু এপদ  বিচাৰি নাপাওঁ ৷ ঘৰ এৰি ক’ৰবালৈ গুচি যাম যেন লাগে মোৰ ৷”

মিষ্টাৰ শইকীয়াৰ নিজৰ ঘৰখনত বৰ অশান্তি ৷ সকলোবোৰ কথাতে যেন মানুহজনৰ মনত অসন্তুষ্টিয়ে বেৰা মাৰি ধৰি থাকে ৷ পিছে মানুহজনে ঘৰৰ বাহিৰত আনবিলাক মানুহৰ লগত হাঁহি-স্ফূৰ্তি কৰি থকা দেখি বৰ তেওঁৰ বন্ধু পলাশে ক’লে ———মিষ্টাৰ শইকীয়া বেলেগ মেজাজ পুৰুষ দেই ৷ সতী সাবিত্ৰী ঘৈণীয়েকজনী থাকোঁতে তেওঁ বেলেগৰ পত্নী যত্ন বেছিকৈ লয় ৷সেয়ে হয়তো নিজৰ ঘৰখনতে তেওঁ অসন্তুষ্টি মনৰ আলহী ৷