অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ১৬জনীয়া ভাৰতীয় মহিলা দলটো। মঙলবাৰে ঘোষণা কৰা দলটোত স্থান লাভৰ পৰা বঞ্চিত হৈছে শ্বেফালি বার্মা। দুৰ্বল ফৰ্মৰ বাবে শেফালিক বাদ দিয়া হৈছে দলৰ পৰা। তদুপৰি ব’ৰ্ড পৰীক্ষাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত ভাগ লোৱাৰ পৰা বিৰত থকা ৰিচা ঘোষে প্রত্যাবর্তন কৰিছে দললৈ। এই এদিনীয়া শৃংখলাৰ বাবে ৪গৰাকী বেটছমেন ক্ৰমে প্ৰিয়া পুনিয়া, হাৰলীন দেওল, মীন্নু মণি আৰু তিতাছ সাধুক দলত অন্তৰ্ভুক্ত কৰা হৈছে । খেলসমূহ ৫, ৮ আৰু ১১ ডিচেম্বৰত ব্রীজবেন আৰু পার্থত অনুষ্ঠিত হ’ব। ডি হেমলতা আৰু শ্রেয়ংকা পাটিলৰ লগতে আশা শোভানাই আঘাতৰ বাবে দলত স্থান লাভৰ পৰা বঞ্চিত হয়। ঘোষিত ভাৰতীয় মহিলা দলটো-হৰমনপ্রীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, প্রিয়া পুনিয়া, জেমিমা ৰ’ড্রিগুৱেজ, হার্লিন দেউল, য়াস্টিকা ভাটিয়া, ৰিচা ঘোষ, তেজাল হাচাবনিছ, দীপ্তি শর্মা, মিন্নু মণি, প্রিয়া মিশ্র, ৰাধা যাদব, তিতাস সাধু, অৰুন্ধতী ৰেড্ডী আৰু ৰেণুকা সিং ঠাকুৰ।