অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত ভাৰত

Pc Newsonair

অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  সুদীৰ্ঘ  মাহৰ মূৰত অষ্ট্ৰেলিয়াৰ  বিপক্ষে  মেচৰ  জৰিয়তেই বহুপ্রতীক্ষিত প্রত্যাবর্তন ঘটিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ।এই দুই মহাতাৰকাৰ প্ৰদৰ্শনৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈছিল। কিন্তু দুয়োজনেই ব্যর্থ হয়। দেওবাৰে তিনিখন মেচৰ শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেটত পৰাস্ত কৰে । দেওবাৰে বৰষুণৰ বাবেই প্ৰথমখন এদিনীয়াত ভাৰতে ৯ উইকেটত ১৩৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।শুভমন গিলক প্ৰথমবাৰৰ বাবে এদিনীয়া অধিনায়ক হিচাপে দেখা গৈছিল যদিও তেওঁ জয়ৰে এদিনীয়া অধিনায়কত্ব আৰম্ভ কৰিব নোৱাৰিলে । চলিত বর্ষত প্ৰথমবাৰৰ বাবে এদিনীয়াত পৰাজিত হয় ভাৰত। টছত পৰাস্ত হৈ প্রথমে বেটিঙৰ আমন্ত্রণ লাভ কৰিছিল ভাৰতীয় দলটোৱে। চতুৰ্থ অভাৰতে হেজলউডৰ বলত ৮ ৰানত আউট হয় ৰোহিত শৰ্মা। ২ অভাৰৰ পিছতে ষ্টাৰ্কৰ চিকাৰ হয় বিৰাট কোহলি। প্ৰত্যাৱৰ্তনৰ মেচখনত শূন্য ৰানতে বিদায় লয় কোহলিয়ে। এদিনীয়াত নেতৃত্ব পোৱাৰ পিছত আৰম্ভ হোৱা ব্যর্থতা অব্যাহত ৰাখি মাত্র ১০ ৰানত আউট হয় শুভমন গিলো। খেলৰ মাজতে বৰষুণ অহাত ৫০ অভাৰৰ মেচখন ২৬ অভাৰলৈ হ্ৰাস কৰা হয়। শ্রেয়াছ আয়াৰেও ব্যর্থতা প্রদর্শন কৰে। ইয়াৰ পিছত অক্ষৰ পেটেল আৰু কেল এল ৰাহুলে ক্রমে ৩১ আৰু ৩৮ ৰান কৰি ভাৰতৰ স্ক’ৰ ব’ৰ্ডত কিছু ৰান যোগ দিয়ে। কিন্তু ৰানৰ গতি বৃদ্ধি কৰিবলৈ গৈ দুয়োজনেই আউট হয়। পিছৰফালে ১৯ ৰানৰ এটি আশাব্যঞ্জক ইনিংছ খেলে আন্তর্জাতিক এদিনীয়াত অভিষেক ঘটোৱা নীতিশ ৰেড্ডিয়ে। শেষ পর্যন্ত ভাৰতে ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৬ ৰান। কিন্তু ডিআৰএছ পদ্ধতিৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ সন্মুখত ১৩১ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হয়। আৰম্ভণিতেই ট্রেভিছ হেডক আউট কৰি কিছু আশাৰ সৃষ্টি কৰিছিল অৰ্শদীপে। ইয়াৰ পিছত মেথিউ শ্বৰ্টক আউট কৰে অক্ষৰে। কিন্তু অষ্ট্ৰেলিয়াক প্ৰতিৰোধ কৰিবলৈ সেয়া যথেষ্ট নাছিল। বাশ্বিংটন সুন্দৰে জ’ছ ফিলিপক আউট কৰাৰ সময়ত অষ্ট্ৰেলিয়াই স্ক’ৰ ব’ৰ্ডত প্রায় ১০০ ৰান যোগ দিছিল। অধিনায়ক মার্শ্বে ৪৬ ৰানত অপৰাজিত হৈ ৰয়। ফলত তেওঁলোকে লক্ষ্য অতিক্রম কৰাত বিশেষ অসুবিধাৰ সৃষ্টি নহ’ল। এই জয়েৰে অষ্ট্ৰেলিয়াই তিনিখনীয়া মেচৰ শৃংখলাত ০ৰ অগ্ৰগতি লাভ কৰিছে শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত  অহা ২৩ অক্টোবৰত