অষ্ট্ৰেলিয়াৰ মহিলা দলৰ ২গৰাকী ক্রিকেটাৰক ইন্দোৰত নির্যাতন

অষ্ট্ৰেলিয়াৰ মহিলা দলৰ ২গৰাকী ক্রিকেটাৰক ইন্দোৰত নির্যাতন

ৰঙিলী বাৰ্ত্তাসেৱা-  ইন্দোৰত অষ্ট্ৰেলিয়াৰ মহিলা দলটোৰ দুগৰাকী ক্রিকেটাৰক নির্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে।  ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰা হয় আৰু ইন্দোৰ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে । দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলাৰ উদ্দেশ্যে ইন্দোৰত উপস্থিত হৈছিল অষ্টেলিয়ান দলটো। জানিব পৰা মতে অষ্ট্ৰেলিয়া দলটোৰ দুগৰাকী মহিলা ক্রিকেটাৰে নিজৰ হোটেলৰ পৰা ওচৰৰ কেফে লৈ খোজকাঢ়ি গৈ আছিল। সেই সময়ত এজন যুবকে বাইকত আহি ক্রিকেটাৰ দুগৰাকীক নির্যাতন চলাইছিল বুলি অভিযোগ উঠিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে অষ্ট্ৰেলিয়াৰ দলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা ডেনি ছিমনেছ উক্ত স্থানত উপস্থিত হয় আৰু এম আই জি থানাত অভিযোগ কৰে। আৰক্ষীয়ে জনোৱা মতে খজৰান ৰোড এলেকাত সংঘটিত হৈছে এই ঘটনাটো। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু আকিল নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ইপিনে এই ঘটনাৰ পিছতেই বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰি কয় যে মহিলা বিশ্বকাপত ভাগ লোৱা দুগৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈৰ সৈতে সংঘটিত ঘটনাটো দুর্ভাগ্যজনক। ঘটনাটোৰ সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰি ব’ৰ্ডৰ সচিবগৰাকীয়ে কয় যে এনেধৰণৰ ঘটনাই খ্যাতি বিনষ্ট কৰে। দোষীক কৰায়ত্ত কৰাৰ বাবে ৰাজ্যিক আৰক্ষীৰ দ্রুত ব্যৱস্থাপনাক প্রশংসা কৰিছে।