অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাস্ত ভাৰতীয় মহিলা দল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাস্ত ভাৰতীয় মহিলা দল

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ হাতত দ্বিতীয়খন মেচতো পৰাস্ত হৈ তিনিখনীয়া  এদিনীয়া মেচৰ শৃংখলাটো হেৰুৱালে ভাৰতীয় মহিলা দলটোৱে। ব্রীজবেনত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত কেংগাৰু বাহিনীয়ে হৰমনপ্রীত কৌৰ বাহিনীক ১২২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই জয়ৰ বাবে বান্ধি দিয়া ৩৭২ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতে ৪৪.৫ অভাৰত ২৪৯ ৰানহে কৰে। ৰিচা ঘোষে ৫৪, মিনু মানিয়ে ৪৬, জেমিমাই ৪৩ আৰু অধিনায়িকা হৰমনপ্রীতে ৩৮ ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ আনাবেল ছাডাৰলেণ্ডে সর্বাধিক ৪টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি জর্জিয়া ভ’ল আৰু এলিছ পেৰীৰ দুৰ্দান্ত শতকৰ সহায়ত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটত ৩৭১ ৰান কৰে। জর্জিয়াই ১০১ আৰু এলিচে ১০৫ ৰান কৰাৰ লগতে ফ’বে লিটচফিল্ডে ৬০ আৰু বেথ মুনীয়ে ৫৬ ৰানৰ অৱদান আগবঢ়ায়। ভাৰতৰ হৈ ছাইমা ঠাকুৰে সৰ্বাধিক তিনিটা উইকেট লাভ কৰে।