অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা পাঁচখনীয়া টি-২০ৰ প্রথম তিনিখন মেচৰ পৰা বাহিৰ নীতিশ

Pc Deccan Chronicle

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা পাঁচখনীয়া টি-২০ৰ প্রথম তিনিখন মেচৰ পৰা বাহিৰ নীতিশ

ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্ৰথম তিনিখন মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব ভাৰতীয় দলটোৰ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী। ঘৰুৱা দলটোৰে খেলা সদ্যসমাপ্ত এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচত ডিঙিত আঘাত পাইছিল নীতিশে। এই আঘাতৰ পৰা সুস্থ হৈ নুঠাৰ বাবে অলৰাউণ্ডাৰগৰাকীক টি-২০ মেচৰ শৃংখলাটোৰ প্ৰথম তিনিখন মেচৰ পৰা বাদ দিয়া হৈছে বুলি বিচিচিআইৰ এক বিবৃতিত এই কথা সদৰী।