অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সত অনুমোদন

Pc- CompareRemit

অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সত অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে সুখবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স (টি অ’ আৰ)ত অনুমোদন জনাইছে । কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ তথা ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে কেবিনেট বৈঠকৰ পিছতে কৰা ঘোষণা অনুসৰি অষ্টম দৰমহা আয়োগৰ কাম আৰম্ভ হোৱা বুলি কয়। এই বৈঠকত অষ্টম দৰমহা আয়োগৰ নিৰ্ধাৰিত চৰ্তসমূহত অনুমোদন জনোৱা হয়। ইয়াৰ পূর্বে জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন প্রকাশ দেশাইক অধ্যক্ষ আৰু এজন অবৈতনিক সদস্যৰ লগতে দুগৰাকী সদস্য সচিবৰে আয়োগ গঠন কৰা হয়। ২০১৬ চনত গঠন কৰা সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। সেই হিচাপে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। মন্ত্রী বৈষ্ণৱে কয়- আয়োগৰ পৰামৰ্শসমূহ পৰীক্ষা কৰিবলৈ  নতুনকৈ আয়োগ গঠন কৰা হৈছে। ৰঞ্জন প্রকাশ দেশাইৰ অধ্যক্ষতাত এই পৰামৰ্শাৱলীৰ পৰীক্ষা হ’ব। ইফালে নিৰ্ধাৰিত চৰ্তসমূহৰ অনুমোদন অবিহনে আয়োগে কোনো পৰামৰ্শ দিব নোৱাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নিৰ্ধাৰিত চর্তসমূহত অনুমোদন জনোৱা হয়। তিনিজনীয়া আয়োগে ১৮ মাহৰ ভিতৰত চূড়ান্ত পৰামৰ্শ দাখিল কৰিব। ইয়াৰ ভিত্তিতে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নতুন দৰমহা গাঁথনি কাৰ্যকৰী হ’ব। ইয়াৰ ফলত ৫০ লক্ষাধিক চৰকাৰী কৰ্মচাৰী আৰু ৬৯ লাখৰো অধিক পেন্সনাৰে নতুন দৰমহা আয়োগৰ হাৰত দৰমহা আৰু পেন্সন লাভ কৰিব। অষ্টম দৰমহা আয়োগে কেইটামান দিশত গুৰুত্ব আৰোপ কৰিব। সেই অনুসৰি দেশৰ অৰ্থনীতি আৰু বিত্তীয় বিচক্ষণতা, উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে পর্যাপ্ত সম্পদ উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা, অৱদানবিহীন পেন্সন আঁচনি, ৰাজ্য চৰকাৰসমূহৰ বিত্তীয় ক্ষেত্ৰত পৰামৰ্শৰ সম্ভাব্য প্রভাৱ, কেন্দ্ৰীয়-ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে উপলব্ধ প্রচলিত দৰমহাৰ গাঁথনি, লাভালাভ আৰু কৰ্মৰ পৰিস্থিতি আদি দিশত গুৰুত্ব দিয়া হ’ব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ দৰমহা গাঁথনি, অৱসৰৰ সুবিধা আৰু অন্যান্য চৰ্তৰ বিভিন্ন বিষয়ত গুৰুত্ব দিবলৈ আৰু ইয়াৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ সময়ে সময়ে কেন্দ্রীয় দৰমহা আয়োগ গঠন কৰা হয়। সাধাৰণতে প্রতি ১০ বছৰৰ মূৰে মূৰে দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হয়।২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত পূৰ্বৰ মনমোহন সিং নেতৃত্বাধীন চৰকাৰখনে সপ্তম দৰমহা আয়োগ গঠন কৰাৰ বিপৰীতে ২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা চৰকাৰে ইয়াৰ পৰামৰ্শ কাৰ্যকৰী কৰে । এই ধাৰা অনুসৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শাৱলী ১ জানুৱাৰী ২০২৬ৰ পৰা কাৰ্যকৰী হোৱাৰ আশা আছে।