অশ্ৰু সিক্ত ডায়েৰী- আছমা খাতুন

Pc- Art in Context

অশ্ৰু সিক্ত ডায়েৰী

ঘৰৰ আটায়ে টোপনিত লালকাল। অকল তাই হে সাৰে আছে। কিমান দিন তাই এনেদৰে উজাগৰে আছে, কিমান দিন তাই টোপনি যোৱা নাই? নাই তাই হিচাপ কৰিব নুখুজিলে।কাষতে টোপনি যোৱা গিৰিয়েকলৈ তাই একেথৰে কিছুসময় চাই থাকিল। তাইৰ জীৱন সংগী! এইজন মানুহৰ বাবেই এদিন তাই বোৱাৰী হৈ এইখন ঘৰলৈ আহিছিল। অজানিতে দীঘল হুমুনিয়াহ এটা ওলাই আহিল তাইৰ।

তাইৰ মাকলৈ বৰকৈ মনত পৰিল।মাকে মৰমতে তাইৰ নাম ৰাখিছিল নীলা। সঁচাকৈয়ে কোনেও নেদেখা দুখেৰে নীলা তাইৰ জীৱনটোৰ সৈতে নামটোৰ সামঞ্জস্য আছে বাবেই হয়তো মাকে আগতীয়াকৈ নামটো ৰাখিছিল। নাই, নিয়তিক বিশ্বাস কৰা তাইজনী কাকো একো অভিযোগ নকৰে,আঁত নোহোৱা ভাৱনাবোৰে তাইক টোপনি যাব নিদিলে। শেষত তাই সাৱধানে বিছনাৰ পৰা নামি বাহিৰ লৈ ওলাই আহিল।

বাহিৰত শাৰদী জোনাক। পকী বাৰান্দাখনৰ খুটা এটাত আউজি তাই বহি পৰিল। শুকুলা পাতল ডাৱৰে আৱৰা নীলা আকাশখনে তাইক যেন ৰিঙিয়াই মাতিছে। এনেকুৱা সময়ত আকাশ খন তাইৰ বৰ আপোন আপোন লাগে। ঠিক তাইৰ মাকৰ দৰেই। আকাশৰ বিশালতাৰেই আছিল তাইৰ মাকৰ হৃদয়,যাক তাই সৰুতেই হেৰুৱাইছিল। কোনো সমাধান নথকা জীৱনৰ জটিল অংকটোৰ শুদ্ধ উত্তৰ তাই উলিয়াব নোৱাৰিলে।ভাবত তনময় হৈ থাকোঁতে কোনোবা নিশাচৰ প্ৰাণী এটাই তাইক ৰাতিৰ গভীৰতাৰ সম্ভেদ দি গুচি গ’ল। তনময় ভগাত তাই শোৱনি কোঠালৈ সোমাই আহিল যদিও কোনোপধ্যেই টোপনি যাব নোৱাৰিলে! অৱশেষত তাইৰ নিসংগ জীৱনৰ বিশ্বস্ত সঙ্গী ডায়েৰীখনলৈ মনত পৰিল। নিসংকোচে যাৰ লগত বিনিময় কৰিব পাৰি হৃদয়ৰ অব্যক্ত যন্ত্ৰণাবোৰ।তাই ডায়েৰীখন আৰু কলমডাল উলিয়াই আনিলে। ডায়েৰী খনৰ পাত লুটিয়াই তাই নিশ্চুপ হৈ কিছু সময় বহি থাকিল।ক’ৰ পৰা আৰম্ভ কৰিব তাই?কি লিখিব?শেষত তাই তাইৰ জীৱনৰ আটাইতকৈ মৰ্মান্তিক সময় খিনি লিপিবদ্ধ কৰিবলৈ কলমডাল হাতত তুলি ল’লে।

হয়,তাই ওৰণি লোৱা মুৰত মাক-দেউতাকৰ আশীৰ্বাদী হাতৰ স্পৰ্শ নোহোৱাকৈয়ে এই খন নতুন পৃথিৱীত ভৰি দিয়াৰ প্ৰথম দিনাই তাই উপলব্ধি কৰিছিল মজবুত সজা এটাত তাই বন্দি হ’ল চিৰদিনৰ বাবে।যাৰ দুৱাৰ কোনো দিনেই খোল নাখায়। তথাপিও তাই সেই বন্ধ সজাটোৰ স’তে মিতিৰালি পাতিলে আৰু দায়িত্ব, কৰ্তব্যৰ মাজত নিজকে সমৰ্পন কৰিলে।সময় অতিবাহিত হোৱাৰ লগে লগে এদিন তাই নিজৰ জীৱটোৰ স’তে আৰু এটা জীৱনৰ সম্ভেদ পালে। লাহে লাহে উফন্দি উঠি অহা পেটটোত হাত বুলাই তাই হেজাৰ দুখৰ মাজতো অনামি সুখ এটা উপলব্ধি কৰিলে।যি সুখ পৃথিৱীৰ সকলো নাৰীৰে কাম্য।

দিনবোৰ বাগৰি থাকিল। আৰু একেই নিয়মেৰে চলি থাকিল তাইৰ জীৱন পৰিক্ৰমা। পাঁচ মহীয়া গাটোত সিদিনা তাই বৰ অসুস্থতা অনুভৱ কৰিলে। বিছনাৰ পৰা উঠাৰ শক্তিকনো তাই হেৰুৱাই পেলাইছিল। ইফালে শাহু আইৰ চিঞৰ,ঐ মহাৰাজৰ জী, ঢেঁকী দিবলৈ কোনে আহিব হ্যা?তোৰ মৰা মাকে নেকি?মাত শুনি তাই অসুস্থ গাৰেই বিছনাৰ পৰা উঠি আহি ঢেঁকী দিবলৈ আৰম্ভ কৰিলে। এনেতে হঠাৎ তাই পেটত তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিলে। দুহাতেৰে পেটটো খামুচি তাই কোনোমতে শোৱনি কোঠা পালেগৈ। ডিঙি খন শুকাই আহিছিল তাইৰ, ওচৰতে থকা গিৰিয়েকক পানী এগিলাচ খুজিলে।ভেকাহি মাৰি গিৰিয়েকে কলে, পৃথিৱীত তয়েই অকল মাক হ’ব ওলাইছ নেকি যে পানী এগিলাচো লৈ খাব নোৱাৰ? মোক চাকৰ পাইছ নেকি? নাই তাই আৰু একো শুনিব নুখুজিলে। বহুত কষ্টেৰে তাই নিজেই পানী এগিলাচ ঢালি ল’লে।

ইফালে তাইৰ পেটৰ বিষ টো লাহে লাহে তীব্ৰৰ পৰা তীব্ৰতৰ হ’ব লৈ ধৰিলে আৰু তাই মাটিৰ কেঁচা মজিয়া খনত বাগৰি থাকিল। নাই,এনে অৱস্থাতেও তাইৰ ওচৰলৈ কোনেও নাহিল।আনকি অলপ সহায় নাইবা অকন সহানুভূতি দেখুৱাবলৈ আপোন কোনোবা তাইৰ কাষত নাছিল। মাটিত বাগৰি বাগৰি কেতিয়া যে তাই অজ্ঞান হৈ পৰিছিল! জ্ঞান ঘূৰাই পোৱাৰ পিছত তাই নিজকে জেকা মাটিত লেতেৰা শেতেলি এখনত আবিষ্কাৰ কৰিলে আৰু পেটত হাত দি তাইৰ একো বুজিবলৈ বাকী নাথাকিল।দুগাল তিয়াই বাগৰি অহা চকুপানী খিনি মাচিবলৈ চেষ্টা নকৰিলে তাই।জিকা শেতেলীত পৰি থকা তাইৰ নিৰ্জীৱ শৰীৰটো মহ আৰু পৰুৱাই কামুৰিছিল।তাই ইচ্ছা কৰি এইবোৰক এৰুৱাই নিদিলে। মৃত্যুৰ স’তে যুঁজ দি তাই জীয়াই উঠিল। লাহে লাহে তাই সুস্থ হৈ উঠিল, কিন্তু ঘৰখনত আকৌ এখন বিয়াৰ আলোচনা হ’ব লৈ ধৰিলে তাই পেটত সন্তান ধৰি ৰাখিব নোৱাৰাৰ অপৰাধত। শেষত তাই গিৰিয়েকক মৃদু প্ৰতিবাদ এটা কৰিলে! তাইৰ দোষ ক’ত? ইয়াৰ বাবে তায়েই জানো অপৰাধী? হয় গিৰিয়েকেও তাইক অপৰাধী সজালে। সন্তান জন্ম দিব নোৱাৰ যদি নাৰী হৈছ কিয়? গিৰিয়েকৰ কথা শুনি তাতেই তাই নিৰ্জীৱ পুতলা এটি হৈ বহি থাকিল। তেতিয়া তাইৰ ইচ্ছা হৈছিল ঘৰখনৰ পৰা গুচি যাব বহু দূৰ লৈ। কিন্তু কলৈ যাব তাই? সজাৰ দুৱাৰ খুলি ক’ত ডেউকা মেলিব তাই? উৰিবলৈ তাইৰ বাবে আকাশ এখনো যে নাই!

এই খিনি লিখাৰ পিছত তাই আৰু লিখিব নোৱাৰিলে।বুকুৰে উজাই অহা বেদনাৰ নৈখন চকুৰ কোণত জমা হৈছিল আৰু ডায়েৰীৰ পাতবোৰ তিয়াই দিলে।তাই ডায়েৰীখন জপাই ওপৰত মুৰটো থৈ উচুপি থাকিল কিছু সময়।অলপ সময় পিছত ৰাতি পূৱাব আৰু তাই হাঁহিৰ আঁৰত দুখবোৰ লুকুৱাই দৈনন্দিন কামৰ মাজত নিজকে বিলিন কৰি দিব ।।

আছমা খাতুন