অশান্ত মণিপুৰত পুনৰ বলৱৎ ‘আফস্পা’

অশান্ত মণিপুৰত পুনৰ বলৱৎ ‘আফস্পা’

ৰঙিলী বাৰ্ত্তাসেৱা- অগ্নিগৰ্ভা মণিপুৰত বিগত এসপ্তাহে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। বিশেষকৈ জিৰিবাম অঞ্চলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে। কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অশান্ত মণিপুৰত পুনৰ ‘আফস্পা’ ( সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ) বলৱৎ কৰিছে। ৰাজ্যখনৰ ৫খনকৈ জিলাৰ ৬খন আৰক্ষী থানাৰ অধীনৰ এলেকালৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (‘আফস্পা’)বলৱৎ কৰা হৈছে। ইয়াৰোপৰি বৰ্তমান ৰাজ্যখনত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ (চি এ পি এফ) ২০টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ইম্ফল পশ্চিম জিলাৰ চেকমাই আৰু লামচাং আৰক্ষী থানা অঞ্চল, ইম্ফল পূব জিলাৰ লামলাই আৰক্ষী থানা এলেকা, জিৰিবাম জিলাৰ জিৰিবাম আৰক্ষী থানা এলেকা, কাংপোকপি জিলাৰ লেইমাখং অঞ্চল আৰু বিষ্ণুপুৰ জিলাৰ মইৰাং আৰক্ষী থানা অঞ্চলত ‘আফস্পা’ জাৰি কৰা হৈছে । জাননীখনত কোৱা হয় যে নিৰাপত্তা পৰিস্থিতি বজাই ৰাখিবলৈ আৰু এই অঞ্চলবোৰত বিদ্ৰোহী গোটবোৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনীৰ দ্বাৰা সুসমন্বিত অভিযান চলাবলৈ ‘আফস্পা’ আৰোপ কৰা হৈছে । ‘আফস্পা’ জাৰি কৰাৰ পিছত, মণিপুৰৰ ওপৰোক্ত ছয়খন আৰক্ষী থানাৰ অধিকাৰ ক্ষেত্ৰত থকা এলেকাবোৰক সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ৰ ধাৰা ৩-ৰ অধীনত ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰা হয় আৰু ‘আফস্পা’ ২০২৫ ৰ ৩১ মাৰ্চলৈকে অব্যাহত ৰখা হ’ব । উল্লেখনীয় যে শেহতীয়াকৈ জিৰিবামত সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যোৱা সোমবাৰে জিৰিবামত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত হৈছিল ১০জন কুকি উগ্রপন্থী। অঞ্চলটোৰ পৰা তিনিগৰাকী মহিলা আৰু তিনিটি শিশুক উগ্রপন্থীয়ে অপহৰণ কৰিও নিছিল। মেইটেই সম্প্ৰদায়ৰ এই মহিলা আৰু শিশুসকলক অপহৰণ কৰি নিয়াৰ পাছত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই আছে অর্ধসেনা আৰু আৰক্ষীয়ে। আফস্পা নতুনকৈ প্রয়োগ হোৱা অঞ্চলসমূহত সামৰিক বাহিনীয়ে মুক্তভাৱে অভিযান চলাব পাৰিব। অশান্ত অঞ্চল ঘোষণা কৰা এই স্থানসমূহত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে সামৰিক বাহিনীৰ কৰ্মীৰ বিৰুদ্ধে কোনোধৰণৰ বিচাৰ প্ৰক্ৰিয়া চলাব নোৱাৰিব। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ১৯খন আৰক্ষী থানাৰ অধীনস্থ অঞ্চলক শান্তিপূর্ণ অঞ্চল ঘোষণা কৰি সেই অঞ্চলসমূহৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা হৈছিল। শেহতীয়া সংঘৰ্ষৰ পাছত পুনৰ অৰ্ধসামৰিক বাহিনীৰ অধিক কোম্পানী মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে।