অল আসাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছ’চিয়েচনৰ বিদ্যুৎ গ্ৰাহক অভিৱৰ্তন

অল আসাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছ’চিয়েচনৰ বিদ্যুৎ গ্ৰাহক অভিৱৰ্তন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিদ্যুৎখণ্ডৰ বেচৰকাৰীকৰণৰ নীল নক্সা বিদ্যুৎ(সংশোধনী) বিল-২০২৫ৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ অঙ্গীকাৰ লৈ আজি অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ আহ্বানত গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত এক বিদ্যুৎ গ্ৰাহক অভিৱৰ্তন অনুষ্ঠিত হয়।বিশিষ্ট শ্ৰমিক নেতা অজিত আচাৰ্য্যৰ পৰিচালনাত এই অভিৱৰ্তনত বক্তা হিচাপে উপস্থিত থাকে সংগঠনৰ উপদেষ্টা বিমল দাস, এছচিয়েছন অৱ ইঞ্জিনিয়াৰ্চৰ সভাপতি বিক্ৰমাদিত্য দাস, কোৰ্ডিনেচন কমিটি অৱ ইলেকট্ৰিচিটি এমপ্লয়েজ,ইঞ্জিনীয়াৰ্চ এণ্ড  পেনচনাৰ্চৰ উপদেষ্টা প্ৰমোদ চন্দ্ৰ দাস, শ্ৰমিক নেতা দীপক কুমাৰ সাহা, অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ আহ্বায়ক দ্বয় অজয় আচাৰ্য্য আৰু হিল্লোল ভট্টাচাৰ্য্য।

বক্তা সকলে কয় যে, কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে বিদ্যুৎ সংশোধনী বিলখন সংসদত পাচ কৰোৱাৰ চেষ্টা কৰি আছে একমাত্ৰ কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত। তেওঁলোকে আৰু কয়, বিদ্যুৎখণ্ডৰ বেচৰকাৰীকৰণ হৈ গলে সাধাৰণ মানুহৰ ওপৰত আৰ্থিক বোজা বাঢ়িব।সেয়ে ইয়াক প্ৰতিৰোধ কৰিব লাগে আৰু প্ৰতিৰোধ কৰাৰ একমাত্ৰ পথ হৈছে ঐক্যবদ্ধ গণ আন্দোলন। পিছত ৰাজ্যৰ সকলো জিলাত এই আন্দোলন তীব্ৰ কৰাৰ বাবে এলানি প্ৰস্তাৱ গ্ৰহন কৰা হয়।উল্লেখিত যে, এই অভিৱৰ্তনত বিভিন্ন জিলাৰ পৰা দুই শতাধিক গ্ৰাহক প্ৰতিনিধি উপস্থিত থাকে৷