অল্প বিদ্যা ভয়ঙ্কৰ – আয়নাল হক

অল্প বিদ্যা ভয়ঙ্কৰ
আয়নাল হক, ধুবুৰী 
একোকে ধৰিবই নোৱাৰি
কিহতনো লাগে কেনা
দৰ-দাম কৰোঁতেই চাগে
লাগি যায় লেঠা।
কিমান সস্তীয়া হ’লে
অনুভৱৰ বজাৰ বহে !
অল্প বিদ্যা ভয়ঙ্কৰ
এইকথা সকলোৱে জানে।
যোগ্যতা অৰ্জন কৰিবলৈ
প্ৰচুৰ সাধনাৰ প্ৰয়োজন
তেন্তে যোগ্যতাক কিনিবলৈ
কিহৰ ইমান আয়োজন ?
কিনি লোৱা সন্মানত
থাকে জানো মূল্য ?
দক্ষতাৰে সন্মানিত হওক
সন্মান হ’ব অমূল্য ।