অলিম্পিকৰ মল্লযুঁজৰ ফাইনেল মেচৰ পূৰ্বে ভিনেশ ফোগাটক অযোগ্য ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা ভিনেশ ফোগাটক ফাইনেল মেচৰ পূৰ্বে অতিৰিক্ত ওজনৰ বাবে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হ’ল। মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত উপনীত হৈছিল ভিনেশ ফোগাট। মঙলবাৰে কিউবাৰ গুজমান লোপেজক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল ভিনেশ।এই সন্দৰ্ভত ইণ্ডিয়ান অলিম্পিক এছোচিয়েচনে এক বিবৃতিত দুখ প্ৰকাশ কৰি কয়, মহিলা মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শ্ৰেণীৰ পৰা ভিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে। তাৰোপৰি বিবৃতিটোত কৈছে, গোটেই নিশা দলটোৱে সকলোধৰণৰ প্ৰচেষ্টা চলোৱাৰ পাছতো পুৱা ভিনেশ ফোগাটৰ ওজন ৫০ কেজিতকৈ অধিক আছিল। এই সময়ত দলটোৰ ফালৰ পৰা কোনো মন্তব্য দিয়া নহ’ব। ভাৰতীয় দলে সকলোকে ভিনেশ ফোগাটৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছে।ভাৰতীয় অলিম্পিক সংস্থাৰ এই বিবৃতিৰ পূৰ্বে সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিনেশ ফোগাটৰ ওজন ৫০ কেজিতকৈ ১০০ গ্ৰাম অধিক আছিল।সেয়ে তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। ফলত তেওঁ প্ৰতিযোগিতাৰ ফাইনেল খেলিব নোৱাৰিব। তাৰোপৰি প্ৰতিযোগিতাৰ নিয়ম অনুসৰিয়েই তেওঁ আনকি ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ পৰাও বঞ্চিত হ’ব। ৫০ কেজি শাখাত এতিয়া কেৱল থাকিব সোণ আৰু ব্ৰঞ্জৰ পদক।উল্লেখ্য যে, পূৰ্বে ভিনেশ ফোগাটে ৫৩ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি আহিছিল। এইবাৰ তেওঁক এই কেটেগৰীত প্ৰতিদ্বন্দিতা কৰাত বাধা দিয়া হৈছিল।