অলিম্পিকত যিকোনো পদক পালেই অসমৰ খেলুৱৈলৈ চৰকাৰী চাকৰি প্ৰদান- ড০ হিমন্ত বিশ্ব শৰ্মা

pc- twitter

অলিম্পিকত যিকোনো পদক পালেই অসমৰ খেলুৱৈলৈ চৰকাৰী চাকৰি প্ৰদান- ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় পযায়ত অলিম্পিকত অসমৰ পদক প্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰিত নিযুক্তি দিব । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমাই বৰ্তমানৰ পৰা এই নীতি কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰিছে । লগতে পূৰ্বৰ এনে খেলুৱৈসকলক ক্ৰীড়া পেঞ্চন দিয়া হ’ব আৰু পেঞ্চনৰ ধন ৮০০০ টকাৰ পৰা ১০০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম বিধানসভাৰ প্ৰেশ্নাত্তৰ কালত বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱে অসমত বিগত বছৰত হৈ যোৱা খেল’ ইণ্ডিয়াৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰৰ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ১২৬ টা সমষ্টিতে মানসম্পন্ন ষ্টেডিয়াম নিৰ্মাণ হ’ব লাগে বুলি কয়। প্ৰতিগৰাকী বিধায়কলৈ আহ্বান জনায় তেওঁ কয় যে নিৰ্দ্দিষ্ট খেলকলৈ বিধায়কসকলে সমষ্টিত একাডেমী নিমাণ কৰক। তেতিয়া বিভিন্ন সমষ্টিৰ পৰা বিভিন্ন খেলৰ খেলুৱৈ ওলাই আহিব। টকিঅ’ অলিম্পিকত বক্সিঙত অংশ ল’বলৈ যোৱা অসম কন্যা লাভলিনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই সদনে প্ৰস্তাৱ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। দুৰ্গাদাস বড়োৰ প্ৰশ্নৰ উত্তৰত খেল’ ইণ্ডিয়াত চৰকাৰে ৭০ কোটি টকা আবণ্টন দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

(R.T)