অলিম্পিকত ভাৰতৰ প্ৰদশৰ্ন শোচনীয় কিয় ? – শৈলেন কুমাৰ

অলিম্পিকত ভাৰতৰ প্ৰদশৰ্ন শোচনীয় কিয় ?

 শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

সম্প্ৰতি খেলৰ মহাৰণ অলিম্পিক আৰম্ভ হৈছে ৷ ক্ৰীড়া জগতৰ মহাযুদ্ধ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন প্ৰত্যেকবাৰেই শোচনীয় হয়৷ ভাৰতৰ জনসংখ্যা ১৪০ কৌটি কিন্তু পদকৰ সংখ্যা তেনেই আঙুলিৰ মুৰত গণিব পৰা এয়া হৈছে ক্ৰীড়াপ্ৰেমীৰ বাবে হতাশা আৰু নিৰাশা ৷ অন্য দেশৰ তুলনাত ভাৰতৰ প্ৰদৰ্শন সাধাৰণ সামান্য ৷ আজি অন্য দেশৰ খেলুৱৈ এজনে অকলে ১০/২০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ভাৰতবৰ্ষত ক্ৰিকেট খেলৰ প্ৰাধান্য বেছি অন্য খেলৰ তুলনাত কাৰণ ভাৰতৰ মানুহক প্ৰত্যেক ক্ষেত্ৰতে মনোৰঞ্জন লাগে ৷ক্ৰিকেট খেলত জনপ্ৰিয়তা আৰু টকাৰ বৰষুণ হয় যাৰবাবে সকলোৱে ক্ৰিকেট খেলৰ প্ৰতি আকৃষ্ট ৷ ক্ৰিকেট খেল দলীয় খেল য’ত এজন খেলুৱৈয়ে খেল জয়ী কৰিব নোৱাৰে ৷ ক্ৰিকেট খেলত এজন খেলুৱৈৰ দুৰ্বলতা আনজন খেলুৱৈয়ে ঢাকি ৰাখিব পাৰে,অন্য খেলৰ তুলনাত ক্ৰিকেট খেলত সময়ৰ অপচয় বহু পৰিমাণে হয় ৷ আৰু ভাৰতৰ মানুহে সময়ৰ মুল্য নাজানে,যাৰবাবে সময় অপচয় কৰি ভাল পায় ৷ অন্য দেশৰ বিদ্যালয়ত খেল এটা বিষয় হিচাপে পঢ়োৱা হয় আৰু সিহঁতৰ খেলপথাৰ সমূহৰ আন্তঃগাঁথনিও বহু উচ্চ মানদণ্ডৰ ৷ ভাৰতত বহু ভাল খেলুৱৈ হোৱাৰ সম্ভাৱন,প্ৰতিভা থকা যুৱকযুৱতী ভাল আন্তঃগাঁথনি নহোৱা খেলপথাৰ আৰু উচিত মাৰ্গদৰ্শকৰ অভাৱত সিহঁতৰ সপোনবোৰ কলিটেই মৰহি যায় ৷ ভাৰতত ক্ৰিকেট খেল আৰু খেলুৱৈ সকলোক যিমান সাসুবিধা চৰকাৰ তথা ক্ৰিকেট বোৰ্ডে দিয়ে,সিমানখিনি সুবিধা অন্য খেলত নাই ৷ চৰকাৰ জনসাধাৰণৰ আইনা,জনসাধাৰণৰ যিটো ফালে যায় চৰকাৰো সেই ফালেই যাৱ ৷ জনসাধাৰণৰ ৰুচি ক্ৰিকেটত বেছি গতিকে অন্য খেলত চৰকাৰে পুঁজি কিয় দিব? ভাৰতবৰ্ষত মাকবাপেকে সৰুৰেপৰা সন্তানক উচ্চপদস্থ প্ৰশাসনিক বিষয়া,ডক্টৰ,ইঞ্জিনিয়াৰ আদি হোৱাৰ বাবে উঠিপৰি লাগে ৷ সন্তানৰ ইচ্ছাঅনিচ্ছাৰ কথা আহি নপৰে,মাকবাপেকৰ ইচ্ছাই সন্তানৰ ইচ্ছা হৈ পৰে ৷ সুদক্ষ খেলুৱৈ হৈ বিশ্বদৰবাৰত ভাৰতৰ নাম উজ্জ্বলিত কৰাৰ হেপাঁহ সকলোৰে নাই,আৰু যি কেইগৰাকীমান ভাল খেলুৱৈ হয় সেইসকলো ৰাজনীতিৰ বলি হয় ৷ সমস্যা বহু দিশতে আছে আমাৰ ৷ প্ৰধান কথা হ’ল জ্ঞান আৰু সদিচ্ছা ৷ যেতিয়ালৈকে আমি নিজেই নিজৰ গুৰুত্ব নলওঁ তেতিয়ালৈকে আমাৰ গুৰুত্ব লবলৈ কোনো নাহে ৷ এজন খেলুৱৈ তৈয়াৰ হবলৈ কঠোৰ পৰিশ্ৰম,ত্যাগ,সাধনা,সমৰ্পণ লাগিব,যিটো আজিৰ যুৱচামৰ মাজত দেখাপোৱা নেযায়,সকলোকে আৰাম লাগে আৰু মাকবাপেকে ও নিজৰ সন্তানে কষ্ট পোৱাটো সহ্য কৰিব নোৱাৰে,তাৰবাবে আমি জনসংখ্যা বৃদ্ধিৰ শীৰ্ষত থাকিও অলিম্পিকত পদক তালিকাৰ শীৰ্ষত থাকিব নোৱাৰোঁ ৷