অলপ ৰৈ যোৱা  –  আয়শা ছিদ্দিকা

অলপ ৰৈ যোৱা 

 আয়শা ছিদ্দিকা (আছৰি )
বাংলিপাৰা, বৰপেটা 

এটাই পানীৰ ঘাট
ৰোৱা ইয়াতে ক্ষণমান সময়
লগ পাম জীৱন চক্ৰৰ
কোনো এটা বৃত্ত চকনৈয়াত…

যুদ্ধৰ মাঠৰ শ্বহীদ জোৱানৰ
কেঁচা ৰঙা তেজৰ চেকুৰা
গাত সানি হৃদয়ৰ তৃষ্ণা
পূৰাবলৈ আকৌ আহিম…

প্ৰাণৰ এই জলস্ৰোতৰ
এটাই  যে পানীৰ ঘাট
শত্ৰুৰ তীক্ষ্ণ তীৰ বুকুত সানিও
ইয়ালৈ খোজ দিম
ই যে হৃদয়ৰ গহীনৰ তাজ…

ৰৈ যোৱা অলপ
ব্যস্ত জীৱনৰ নক্সাক পাহৰি
পিয়লা এটা ভৰাই অথবা
আচল তিয়াই দিয়া অলপ
শান্তিৰে জীপাল কৰি ক্ষত হৃদয়…

মই উভতিম আকৌ
এই চিৰ-চিনাকী বাটেৰেই
তৃষ্ণাতুৰ যেতিয়াই হ’ব মন
কাৰণ এয়াই যে একমাত্ৰ আস্থা
জীৱনৰ কঠিন পুৱাৰ….

ৰৈ যোৱা অলপ
হাতৰ বন্তি এগছি জ্বলাই
জোনাক লুকুৱা এটি নিজান
নিশাৰ পোহৰৰ বাট হৈ
অলপ আগুৱাই দি যাবা….