অলকা বুজৰ বৰুৱালৈ এন ই ফ’কাচ এৱাৰ্ড ২০২৩ প্ৰদান 

অলকা বুজৰ বৰুৱালৈ এন ই ফ’কাচ এৱাৰ্ড ২০২৩ প্ৰদান 

নিতু মণি দাস ,ভৱানীপুৰ ,ৰঙিলী বাৰ্ত্তাসেৱা- ১৩ আগষ্ট দেওবাৰে অসম ৰাজ্যিক চলচিত্ৰ বিত্ত নিগমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এন ই ফ’কাচ পৰ্টেল নিউজ চেনেলৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্য , সংস্কৃতি , ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক পৰ্টেল চেনেল টোৰ তৰফৰ পৰা এন ই ফ’কাচ গ্লোৰি এৱাৰ্ড ২০২৩ আৰু এন ই ফ’কাচ এৱাৰ্ড ২০২৩ প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত নলবাৰী জিলাৰ টিহু টাউনৰ ৩ নং ৱাৰ্ডৰ নিবাসী কৃতি শিক্ষায়িত্ৰী তথা সাহিত্যিক অলকা বুজৰ বৰুৱালৈ সাহিত্যৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলৈ এন ই ফ’কাচ এৱাৰ্ড ২০২৩ আগবঢ়োৱা হয় । উক্ত বঁটাটি তেখেতক প্ৰদান কৰে এন ই ফ’কাচৰ সম্পাদক সংগীতা শইকীয়াই. । ইতিমধ্যে লেখিকা অলকা বুজৰ বৰুৱা পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ শব্দ সৌৰভ বঁটা , অনুপ্ৰৰণা সাহিত্য গোষ্ঠীৰ মিডিয়া প্লাছ এৱাৰ্ড আদিকে ধৰি কেইবাটিও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।