অলকানন্দা
আয়নাল হক,ধুবুৰী
ঐ শুনা না—!
কজলা কলিজাৰ মৰমবোৰ
মিছা বুলি নাভাবিবা।
বুকুৰ জীয়াধলত
বান উঠা দিনৰে পৰাই
প্ৰেমত পৰিছিলোঁ তোমাৰ,
সেইবুলি তোমাক উটুৱাই আনিবলৈ
বিচৰা নাই কোনোদিনা ।
তুমি উভতি নাচালেও
কোনো কথা নাই
মোৰ হ’বলৈ তোমাক
জোৰ নকৰোঁ দিয়া।
তুমি আনৰ হ’লেও
তোমাৰ সুখতে সুখী হৈ
সামৰিম অপূৰ্ণ বাসনা।
মোৰ অনুভৱৰ সাকোঁৰে
বগুৱা বাই বাই
স্পৰ্শ কৰিম তোমাৰ হিয়া–!
মাথোঁ মোৰ মৰমবোৰ
মিছা বুলি নাভাবিবা।
হয়তো শাশ্বত প্ৰেমৰ অনাবিল আনন্দত
নীৰৱে বৈ থাকিব
মোৰ অন্তৰীক্ষৰ অলকানন্দা…।