“অর্থবিহীন” – প্রস্তুতি শৰ্মা

pc Fine Art America

জীৱন কেনেকুৱা মই ঠিক নাজানো।

সপোন কেনেকুৱা ই সময় দুঃসময়।

মৰম কেনেকুৱা মই ঠিক নাজানো বা নুবুজো

অভিমান বা মিছা অভিনয় কেনেকুৱা মই ঠিক বুজি নাপাওঁ।

মই কোন ?  কোন মোৰ পৰিচয়ৰ পাত্ৰ

ক’ত আছে মোৰ অস্তিত্ব ?

মৰম ভালপোৱা সেই অভিমান কৰা দিনবোৰ

ক’ত হেৰুৱালো, কোন আজি মোৰ বাবে হৈ পৰিল অচিনাকি।

যোন আছিল মোৰ একমাত্র সংগী

সি আজি থাকিও দুৰৈৰ এটি ধ্ৰুৱতৰা।

যাক চাব পাৰি ধৰিব নোৱাৰি

বহুত দিন হ’ল সেই ৰাস্তাটোৰ লগত মোৰ সম্বন্ধ,

নাই, বহুদিন হ’ল যাক হৃদয় জুৰি ভালপোৱা নাই

ভালপোৱা ই কি ?  সঁচা দুৰত্ব ?  নে বিচ্ছেদ ?

নে দুখন হৃদয়ৰ মিলন।

কোনে দিব মোৰ প্ৰশ্নৰ উত্তৰ,

পাম জানো উত্তৰ বিচাৰি ?

পাব লাগিব প্ৰশ্নৰ উত্তৰ

যিহেতু মই অকলশৰীয়া এটি ছায়া।

 

***