অর্চিতাক পর্নষ্টাৰ সজোৱা প্রেমিক প্রতীমক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী বিবাহিত মহিলাক ব্যক্তিগত আক্রোশৰ বাবেই এআইৰ জৰিয়তে সামাজিক মাধ্যমত আমেৰিকাৰ পর্ন জগতৰ সৈতে জড়িত বুলি ভুৱা প্ৰচাৰ চলোৱাৰ লগতে পর্ন ষ্টাৰ কেন্দ্ৰা লাষ্টৰ উপৰি বিভিন্ন পর্ন ষ্টাৰৰ সৈতে ফটো মর্ফড (প্রযুক্তিবিদ্যাৰে সলনি কৰা) কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল তিনিচুকীয়াৰ এজন যুৱকে। কেৱল ৰাজ্যতে নহয়, দেশৰ সামাজিক তথা প্ৰচাৰ মাধ্যমসমূহত খলকনিৰ সৃষ্টিৰে অসম তথা অসমীয়াক বদনাম কৰা নিকৃষ্ট কাণ্ডৰ মূল খলনায়কক ডিব্ৰুগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছত আৰক্ষীৰ তদন্তত বিভিন্ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা অনুসৰি, ২০২০ চনলৈকে লম্পট প্রতীম বৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা অর্চিতা ফুকন অধ্যয়নৰ সময়ত দিল্লীত আছিল দুয়ো। পৰৱৰ্তী সময়ত ২০২১ চনতে যুৱতীগৰাকী ডিব্ৰুগড়ৰে এটা সম্ভ্রান্ত পৰিয়াললৈ বিয়া হৈ অহাৰ পাছৰ পৰা কোনো সম্পর্ক নাছিল উক্ত প্রতীম বৰাৰ সৈতে। পৰৱৰ্তী সময়ত প্রতীম বৰাই যুৱতীগৰাকীৰ নামৰেই ইনষ্টাগ্রামত এটা একাউন্ট খুলি ২০২০ চনৰ পৰাই গোপনে চলাই আহিছিল। তেতিয়াৰ পৰাই প্রতীম বৰাই যুৱতীগৰাকীৰ বিভিন্ন ফটো লৈ আপত্তিজনক ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত এৰি আহিছিল। তাৎপর্যপূর্ণ যে এজন মেকানিকেল অভিযন্তা প্রতীম বৰাই ইনষ্টাগ্রামত ফটো বা ভিডিঅ’ ব্যক্তিগত কৰি ৰখাৰ বাবে আৰু যুৱতীগৰাকীৰ পৰিয়াল, আত্মীয়সকলে সেইবোৰ চাব নোৱাৰাকৈ ৰাখিছিল। কিন্তু শেহতীয়াকৈ প্রায় ডেৰ মাহ পূর্বে একাউন্টটো পাব্লিক কৰি দিয়াৰ লগে লগে ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰাৰ লগতে মিলিয়ন মিলিয়ন ভিউৱাৰ্ছ পাবলৈ সক্ষম হোৱাৰ লগতে উক্ত ভিডিঅ’ আৰু ফটোৰ জৰিয়তে প্রায় ১০ লাখ টকা বর্তমানলৈকে উপাৰ্জন কৰিবলৈ সক্ষম হয় প্রতীমে। এগৰাকী অসমীয়া যুৱতীয়ে আমেৰিকাৰপৰ্ন ষ্টাৰ বুলি সকলোতে বিয়পাই দি সমগ্র অসমীয়াক লজ্জানত কৰা প্ৰতীম বৰাৰ বিৰুদ্ধে পৰিয়ালৰ গোচৰৰ ভিত্তিত কালি ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩৩৬ (৪)/৩৫৬ (২) /৭৪/৭৫/২৯৪/৩৫১ (২) ধাৰাৰ অধীনত ২৩৪/২৫নং গোচৰ পঞ্জীয়ন কৰি যোৱানিশাই ডিব্ৰুগড় সদৰ আৰক্ষীয়ে তিনিচুকীয়াৰ গেলাপুখুৰী বৰদলৈ নগৰ পথৰ পৰা কৌশলেৰে প্ৰতীম বৰাক গ্ৰেপ্তাৰ কৰি বলৈ সক্ষম হয়। লগতে বাসগৃহ পৰা তালাচী চলাই এটা লেপটপ, এটা কম্পিউটাৰ, হার্ড ডিস্ক, দুটা মোবাইল ফোন, টেবলেট, কার্ড ৰীডাৰ, কেইবাখনো এটিএম, ছিম কার্ডসহ অন্যান্য বহু সামগ্রী জব্দ কৰে। প্ৰতীম বৰাৰ মোবাইল, কম্পিউটাৰত যুৱতীগৰাকীৰ বহুতো ফটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সমগ্র ঘটনা সন্দর্ভত ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক চিজল আগৰৱালাই আজি সংবাদ মাধ্যমৰ আগত কয়- আমি এটা অভিযোগ পাইছিলোঁ আৰু অভিযোগৰ ভিত্তিত কালি কেছটো পঞ্জীয়ন কৰা হয়। অভিযোগকাৰীয়ে ইনস্টাগ্রামৰ এটা পেইজ দিছিল আৰু সেই ইনস্টাগ্রামৰ পেইজটোৰ পুংখানুপুংখ অধ্যয়ন কৰি ইয়াৰ সবিশেষ বিচাৰি যাওঁতে এটা ম’বাইল নম্বৰ লাভ কৰোঁ আৰু উক্ত নম্বৰটো ধৃত প্ৰতীম বৰাৰ। পৰৱৰ্তী সময়ত অভিযোগকাৰীক এই বিষয়ে সোধাত একালত সহপাঠী হোৱা বুলিও অৱগত কৰে। সকলো চালি-জাৰি চাই দেখা যায় যে এই প্রতীমেই সকলো ভিডিঅ’ বা ফটো আপলোড কৰিছিল আৰু শেষত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জব্দকৃত ইলেক্ট্রনিক সামগ্ৰীৰ লগত বহু প্রক্রিয়াও জড়িত হৈ থাকে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক চিজল আগৰৱালাই সংবাদ মেলত সদৰী কৰি কয় যে এই ডিভাইচসমূহপৰীক্ষা কৰি ইয়াৰ লগত জড়িত লোকসমূহক তদন্তৰ আওতাত অনাৰ সম্ভাৱনা আছে। আগৰৱালাইপুনৰ কয় যে নেটত বা সামাজিক মাধ্যমত যিকোনো বস্তু এটা প্ৰত্যক্ষ কৰিলে, তাৰ সত্যাসত্য নিৰূপণ কৰি ল’ব লাগে। আনহাতে, প্রথমাৱস্থাত প্রতীমে অর্চিতা ফুকন নামৰ মহিলাগৰাকীক ব্যক্তিগত আখেজৰ বাবেই হাৰাশাস্তি কৰি আছিল। কিন্তু পৰৱৰ্তী সময়ত এই ইনস্টাগ্রাম পেইজৰ পৰা টকা লাভ কৰিবলৈ ল’লে আৰু এনেদৰেই লোভ বাঢ়ি যোৱাত ক্রমান্বয়ে টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাত লাগিল আৰু এতিয়ালৈ প্রায় ১০ লাখ টকা ঘটিছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক চিজল আগৰৱালাই সংবাদ মেলত কয়। একালত অর্চিতা আৰু প্রতীম বৰা আছিল সহপাঠী আৰু দুয়োৰে মাজত আছিল এটা সুমধুৰ সম্পৰ্ক। কিন্তু জানিব পৰা অনুসৰি পুৰণি আখেজ পূৰাবৰ কাৰণেই প্রতীম বৰাই সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। কাৰিকৰী অভিযন্তা প্রতীম বৰাই Desyre, Open AI, Midjourney নামৰ এআই এপ্লিকেচনত সৃষ্টি কৰিছিল অৰ্চিতাৰ ফটো আৰু ভিডিঅ’। ইফালে ভুৱা প্রফাইল, জি-মেইল, ইনষ্টাগ্রাম, ৱেব ক্রিয়েট কৰিবলৈ প্ৰদান কৰা প্রয়োজনীয় তথ্যসমূহো সংশ্লিষ্ট এজেঞ্চীসমূহৰ পৰা বিচৰা হ’ব বুলিও চিজল আগৰৱালাই জানি বলৈ দিয়ে। অৱশেষত এনে কু-কাণ্ডৰ বাবেই গ্ৰেপ্তাৰ হ’ল চাইবাৰ অপৰাধত জড়িত প্রতীম বৰা। তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্রতীম বৰাক। অর্চিতা ফুকনৰ ফটো আৰু ভিডিঅ’ মৰ্ক কৰিছিল প্রতীমে। ইনস্টাগ্রামত অর্চিতাৰ নামত ভুৱা আইডি ক্রিয়েট কৰি আমেৰিকাৰ নীলা ছবি জগতত ভৰি দিয়া বুলি অপপ্ৰচাৰ চলাইছিল। কেন্দ্ৰা লাষ্টৰ সৈতে ফটো মফ কৰি চলাইছিল এনে অপপ্ৰচাৰ প্ৰতীমে। কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে সৃষ্টি কৰিছিল অৰ্চিতাৰ ফটো আৰু ভিডিঅ’, যিবোৰ আৰক্ষীৰ জেৰাত প্রকাশ পাইছে। এতিয়াৰে পৰা অৰ্চিতাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় আৰক্ষীয়ে। ফটো, ভিডিঅ’ত কমেন্ট নকৰি বলৈ, ভুক্তভোগীক হাৰাশাস্তি নকৰিবলৈও আহ্বান ডিব্ৰুগড়ৰ আৰক্ষীৰ। অন্যথা আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা।