অযোধ্যাৰ ৰাম মন্দিৰসহ হিন্দু মন্দিৰত আক্ৰমণৰ ভাবুকি খালিস্তানীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অযোধ্যাৰ ৰাম মন্দিৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ হিন্দু মন্দিৰত ভয়াৱহ আক্ৰমণৰ ভাবুকি খালিস্তানী সন্ত্রাসবাদী গুৰপটৱন্ত সিঙৰ। কানাডাত হিন্দু লোকক দীপাৱলী উদযাপন নকৰিবলৈ সকীয়নি দিয়াৰ পাছতে দেশখনৰ ব্রাম্পটনত হিন্দু মন্দিৰত খালিস্তানী সন্ত্রাসবাদীয়ে ভয়াবহ আক্রমণ চলোৱাৰ প্ৰতিক্রিয়া মাৰ নৌযাওঁতেই খালিস্তানী সন্ত্রাসবাদী পান্নুনে ভাৰতৰ হিন্দু মন্দিৰত আক্ৰমণৰ ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পান্নুনে অহা ১৬ আৰু ১৭ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰকে ধৰি বিভিন্ন হিন্দু মন্দিৰত আক্ৰমণৰ ভাবুকি দিয়া বিষয়টোৱে দেশৰ নিৰাপত্তা বাহিনীকো উদ্বিগ্ন কৰি তুলিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে সন্ত্রাসবাদী পান্নুনে সংসদ ভবন, এয়াৰ ইণ্ডিয়া বিমানত আক্ৰমণৰ ভাবুকি দিছিল যদিও নিৰাপত্তা বাহিনীয়ে এই ভাবুকিক বিশেষ গুৰুত্ব প্রদান কৰা নাছিল। কিন্তু সন্ত্রাসবাদী পান্নুৰ ভাবুকিৰ পাছতে কানাডাৰ হিন্দু মন্দিৰত খালিস্তানী সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাত এইবাৰৰ আক্ৰমণৰ ভাবুকি তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কার্যসূচীত অংশ লৈ থকাৰ ভিডিঅ’ প্ৰচাৰ কৰি সন্ত্রাসবাদী পান্নুনে এই ভাবুকি দি কয় যে হিংসাত্মক হিন্দু আদৰ্শৰ জন্মস্থান অযোধ্যাৰ ভেটি কঁপি উঠিব। অযোধ্যাৰ লগতে আন অঞ্চলৰ হিন্দু মন্দিৰতো আক্ৰমণ চলিব।উল্লেখ্য যে ২০২০ চনত ইউএপিএ আইনৰ অধীনত পান্নুনক সন্ত্ৰাসবাদী ঘোষণা কৰা হৈছিল। তেওঁৰ সংগঠন Sikhs for Justice ৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ভাৰতত গ্ৰেপ্তাৰ হোৱাৰ আশংকাত পান্নুনে বিদেশৰ পৰাই সংগঠন পৰিচালনা কৰিছে। আমেৰিকাৰ লগতে তেওঁৰ কানাডাৰ নাগৰিকত্বও আছে।