অযোধ্যাত ১৫ লাখ চাকি জ্বলাই অভিলেখ গঢ়িলে
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে সন্ধিয়া অযোধ্যাই সৰয়ুৰ পাৰত থকা ৰাম কি পেইদীত একেলগে ১৫.৭৬ লাখ চাকি জ্বলাই আন এক অভিলেখ গঢ়িছে। এই অনুষ্ঠানটো সফল কৰি তুলিবলৈ নিয়োজিত মুঠ ১৯,০০০ স্বেচ্ছাসেৱকে মন্দিৰ চহৰৰ ৰাম কি পেইদিৰ ৩৭ টা ঘাটত মুঠ ১৭ লাখ মাটিৰ চাকি সজাই লৈছিল। অৱশ্যে, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ নিৰ্দেশ অনুসৰি চূড়ান্ত পৰিসংখ্যাত কেৱল পাঁচ মিনিট বা ততোধিক সময় ৰৈ থকা চাকিবোৰ অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰিও, সকলো চাকি নিৰ্দিষ্ট ৪০ মিনিটৰ ভিতৰত জ্বলাব লগাৰ নিয়ম প্ৰযোজ্য আছিল। দেওবাৰে সন্ধিয়া অযোধ্যাই সৰয়ুৰ পাৰত থকা ৰাম কি পেইদীত একেলগে ১৫.৭৬ লাখ চাকি জ্বলাই আন এক অভিলেখ গঢ়িছে। এই অনুষ্ঠানটো সফল কৰি তুলিবলৈ নিয়োজিত মুঠ ১৯,০০০ স্বেচ্ছাসেৱকে মন্দিৰ চহৰৰ ৰাম কি পেইদিৰ ৩৭ টা ঘাটত মুঠ ১৭ লাখ মাটিৰ চাকি সজাই লৈছিল। অৱশ্যে, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ নিৰ্দেশ অনুসৰি চূড়ান্ত পৰিসংখ্যাত কেৱল পাঁচ মিনিট বা ততোধিক সময় ৰৈ থকা চাকিবোৰ অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰিও, সকলো চাকি নিৰ্দিষ্ট ৪০ মিনিটৰ ভিতৰত জ্বলাব লগাৰ নিয়ম প্ৰযোজ্য আছিল।