অম্বুবাচী মেলাৰ কিছু প্ৰাসংগিকতা – ইভা গন্ধীয়া ফুকন 

অম্বুবাচী মেলাৰ কিছু প্ৰাসংগিকতা

ইভা গন্ধীয়া ফুকন 

ভাৰতৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম কামাখ্যাধাম । গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত “অম্বুবাচী মেলা” আটাইতকৈ জনপ্ৰিয়। ২২ জুনৰ পৰা উখল -মাখল হৈ পৰিছে  এই নীলাচল পাহাৰ। তন্ত্ৰ সাধনাৰ বাবেও অতি বিখ্যাত এই কামাখ্যাধাম। মা কামাখ্যাৰ আশীষ বিচাৰি নীলাচলৰ বুকুত লাখ লাখ ভক্তই ভিৰ কৰেহি। জনবিশ্বাস মতে অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতুমতী হয় আৰু ঋতু ধৰ্ম পালন কৰা হয়। এই সময়ছোৱাত অৰ্থাৎ তিনিদিন বন্ধ থাকে মন্দিৰৰ দুৱাৰ । এই তিনিদিন দৰ্শনাৰ্থীৰ দৰ্শন আদি নহয়। চতুৰ্থ দিনা ৰীতি- নীতিৰে দেৱীৰ স্নান পূজা আদি সম্পন্ন কৰাৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয়। দেশ বিদেশৰ সাধু- সন্ন্যাসীৰ উপস্থিতি এই মেলাৰ মুখ্য আকৰ্ষণ। কিন্নৰ সকলৰ আগমন যাক আমি তৃতীয় লিংগ বুলি কওঁ। তেওঁলোকেও আহি এইকেইদিনত কামাখ্যা ধামত তপ- জপ সাধনা কৰে। কিন্নৰ সকলৰ মতে নাৰী পুৰুষৰ বিনে শক্তিশালী নহয়। আৰু পুৰুষ নাৰীৰ বিহনে শক্তিশালী নহয়। কিন্নৰ সকল নাৰী পুৰুষ দুয়োৰে সমষ্টি সেয়ে তেওঁলোক অধিক শক্তিশালী।

অম্বুবাচী হ’ল এক বিশেষ ঋতুকালীন উৎসৱ। অম্বুবাচী শব্দৰ আছে এক সুকীয়া অর্থ। ‘ অম্বু’ মানে হ’ল পানী । ‘বাচী ‘ শব্দই প্ৰকাশ কৰা বুজায়। অম্বুবাচী হ’বৰ দিনা ‘অম্বুবাচী প্ৰবৃত্তি’ আৰু শেষৰ দিনক ‘অম্বুবাচী নিবৃত্তি’ বোলা হয়। পৃথিৱীখনক সাধাৰণতে মাতৃজ্ঞান কৰা হয়। লোকবিশ্বাস মতে অম্বুবাচীৰ সময়ত ধৰিত্ৰী ৰজস্বলা হয়। কৃষিজীৱি লোক সকলে এই অম্বুবাচী নানা ধৰণে পালন কৰি আহিছে। আহাৰ মাহটো কৃষক সকলৰ বাবে বৰ গুৰুত্বপূৰ্ণ মাহ। এই মাহতে পথাৰত কঠিয়া ৰুবলৈ যো -জা চলায়। এই চাৰিদিন কৃষকে হালখটি কৰে। ধৰিত্ৰী অশুদ্ধি হৈ থাকে বুলি  বিশ্বাস কৰিয়েই হিন্দু ধৰ্মাৱলম্বী লোকসকলে মাংগলিক কাম কাজৰ বিৰত থাকে। মাটি খন্দা, ফল -মূল ছিঙা কাম নকৰে। মঠ মন্দিৰৰ পূজা সেৱাও বন্ধ থাকে।

জেঠ মাহৰ শেষৰ তিনিদিনৰ পৰা আহাৰ জেঠৰ সংক্ৰান্তি আৰু আহাৰ মাহৰ তিনি তাৰিখলৈ  ষাঠ  লগা বুলি কোৱা হয় । ষাঠৰ পিছতে আহাৰ মাহৰ ৭ তাৰিখৰ পৰা দেৱী মা কামাখ্যা ৰজস্বলা হোৱা বুলি বিশ্বাস আছে। এই সময়ছোৱাত দেৱালয়ৰ ভিতৰত কোনো ধৰণৰ পূজা অৰ্চনা আদি কৰাৰ পৰা বিৰত থকা হয়। সেয়ে অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পৰা তিনিদিনলৈ কামাখ্যা মন্দিৰৰ মূলদ্বাৰ বন্ধ ৰখা হয় আৰু চাৰি দিনৰ দিনা নিত্য পূজাৰ পাছত মন্দিৰৰ মূলদ্বাৰ ভক্ত সকলৰ বাবে খুলি দিয়া হয়। এই সময়ছোৱাত যদি ভক্তসকলে শুদ্ধ মনে ধ্যান ধাৰণাত ব্ৰতী হয় তেন্তে তেওঁলোকৰ মনোবাঞ্চা পূৰ্ণ হয় বা সিদ্ধি লাভ কৰে বুলি বিশ্বাস কৰা হয়। কামাখ্যা মাৰ চৰণলৈ আহিলে আত্মসন্তুষ্টি প্ৰাপ্ত হয়। এই মন্দিৰত কোনো মূৰ্তি নাই, ইয়াত মা সতীৰ যোনী অংশটো পৰিছিল, গতিকে ইয়াত কেৱল দেৱীৰ যোনী অংশহে পূজা কৰা হয়, যিটো শিলৰ ৰূপত বিৰাজমান। মা কামাখ্যা দৰাচলতে ইয়াত নীলা শিলৰ যোনীত বাস কৰে। যিসকলে এই শিলক পূজা কৰে, দেখে আৰু স্পৰ্শ কৰে, তেওঁলোকে দেৱীৰ কৃপা আৰু মোক্ষৰে মা ভগৱতীৰ আশীৰ্বাদ লাভ কৰে।

প্ৰতিবছৰে জুন মাহত মা কামাখ্যা ঋতুমতী হৈ থাকিলে এই অম্বুবাচী মেলা অনুষ্ঠিত হয়। দেশ বিদেশৰ সাধু- সন্ন্যাসীৰে ভিৰ কৰি মুখৰিত এইকেইদিন কামাখ্যাধাম। এইবাৰ মা কামাখ্যাধামৰ নীতি- নিয়ম অলপ বেলেগ কৰি দিয়া হৈছে। মন্দিৰৰ চৌহদৰ বাহিৰত তপ- জপৰ ব্যৱস্থা কৰা হৈছে। সকলোৰে প্ৰতি মা কামাখ্যাৰ কৃপা বৰ্ষণ হওক। জয়তু মা কামাখ্যা।