অম্বুবাচী মেলাত গৌৰৱ গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান অম্বুবাচী মেলা উপলক্ষে দলীয় সতীৰ্থসহ নীলাচল পাহাৰলৈ গৈ শক্তিপীঠ কামাখ্য ধামলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কৰাৰ লগতে সকলোৰে মংগল কামনা কৰে প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈদেৱে। প্ৰদেশ কংগ্ৰেছৰ সাহায্য আৰু পুনৰ সংস্থাপন কোষৰ উদ্যোগত এইদৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়।