অম্বুবাচী এক ; বিজ্ঞান এক সংস্কৃতি – ববী বকলীয়াল

অম্বুবাচী এক ; বিজ্ঞান এক সংস্কৃতি

ববী বকলীয়াল

পৃথিৱীও ৰজস্বলা হয় ?
আনহাতে এই সময়চোৱাত আমাৰ অসমীয়া সমাজত ‘আহাৰ সাত’ লাগে হেনো। কিন্তু আই বসুমতী (পৃথিৱী ) কিয়,কেনেকৈ ঋতুমতী হয় ?

মানৱ সমাজে প্ৰকৃতিৰ সৈতে দীৰ্ঘদিন ধৰি এক গভীৰ সংযোগ গঢ়ি তুলি আহিছে। এই সংযোগ মাথোঁ উপযোগিতা আৰু সঁজুলি নিৰ্ভৰত সীমাবদ্ধ নহয়, ই মানসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দৃষ্টিতো সমান গম্ভীৰ। এই প্ৰসংগতেই অসম তথা ভাৰতীয় উপমহাদেশত এটা বিস্ময়কাৰী লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। যি প্ৰচলিত প্ৰথাক “পৃথিৱী ৰজস্বলা(চুৱা)” হোৱা বুলি কয়। বিশেষকৈ অসমীয়া মাহ “আহাৰ”ৰ আৰম্ভণি—অর্থাৎ ৭-১০ তাৰিখ, ইংৰাজী কেলেণ্ডাৰৰ জুন মাহৰ ২২-২৫ তাৰিখৰ ভিতৰত, এই বিশ্বাসৰ আধাৰত বহু লোকে আচাৰ-বিধি মানি চলে। এই সময়ত হাল-কোঁৰ নাবায়, গছ-গছনি নাকাটে বা গছৰ পাত নিচিঙে, মাটি নাখান্দে ইত্যাদি। কাৰণ এই সময়ছোৱাত এইসমূহ কাৰ্য কৰাটো অনুচিত বুলি ধৰা হয়।

এই প্ৰবন্ধৰ মূল উদ্দেশ্য হ’ল, ‘পৃথিৱী ৰজস্বলা হয়’ নামৰ এই গভীৰ লোকবিশ্বাসটোৰ আঁৰত থকা সাংস্কৃতিক মূল আৰু বৈজ্ঞানিক ভিত্তিসমূহক একেলগে উদঘাটন কৰা, য’ত ধৰ্মীয় চিন্তাধাৰা, লোকপৰম্পৰা আৰু আধুনিক বিজ্ঞান একে সময়তে একেলগে মিলি যায়।

ধৰ্মীয় আৰু সাংস্কৃতিক পৰিসৰ: পৃথিৱীক ‘মাতৃ’ ৰূপে কল্পনা কৰা বিশ্বাস বহু প্ৰাচীন কালৰ পৰাই চলি আহিছে। বৈদিক শাস্ত্ৰ, উপনিষদ, তথা পূৰাণত পৃথিৱীক ‘ধৰণী’, ‘ভূমি’, ‘বসুধা’ আদি নামেৰে পূজিত। এনে ধাৰণাত, পৃথিৱীৰ প্ৰাকৃতিক পৰিৱর্তনকো মানুহে জৈৱিক ৰূপত উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে।

এই সময়ত উদযাপন হোৱা কামাখ্যাৰ অম্বুবাচী মেলাও এক গুৰুত্বপূৰ্ণ উদাহৰণ। বিশ্বাস অনুসৰি, কামাখ্যা দেৱীৰ গৰ্ভদ্বাৰ এই তিনিদিন বন্ধ থাকে, কাৰণ দেৱী মাতৃত্বৰ লক্ষণত থাকে। অর্থাৎ ঋতুমতী হয়। কামাখ্যাই পৃথিৱীৰ গৰ্ভমূৰ্ত্তি। সেয়েহে মন্দিৰো বন্ধ থাকে, আৰু ধাৰ্মিক আচাৰ-বিধি সাময়িকভাৱে ৰখা হয়। এই সময়ছোৱাত খেতি-বাৰিৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰখা হয়। গছৰ পাত বা ফল সংগ্রহ, গছ কটা, পশুপালন সম্পৰ্কীয় কাম-কাজতো অলপ সময়ৰ বাবে অৱকাশ দিয়া হয় যাতে মা বসুমতীয়ে অলপ বিশ্ৰাম পায়। এই পৰম্পৰাৰ মূল অৰ্থ হৈছে প্ৰকৃতিৰ বিশ্ৰাম আৰু আন্তৰিক পৱিত্ৰতাক সন্মান জনোৱা।

এতিয়া আহোঁ বৈজ্ঞানিক বিশ্লেষণলৈ—
বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিলে দেখা যায় যে, ‘পৃথিৱী ৰজস্বলা হয়’ বুলি কোৱা বিশ্বাসটো জৈৱিক সত্যৰ আধাৰত কোনো ভিত্তি নাই। কিয়নো পৃথিৱী কোনো জীৱন্ত প্ৰাণী নহয়। ই এক অজৈৱ বস্তু, যাৰ নিজস্ব জৈৱ ঋতুচক্র বা শাৰীৰিক বিপৰ্যয় হোৱা কথাই নাহে। তথাপি, বহু যুগৰ পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ আধাৰত গঢ় লৈ উঠা এই বিশ্বাসটোৰ অন্তৰালত কিছু গুৰুত্বপূর্ণ বাস্তৱতা আছে, যাক আধুনিক বিজ্ঞান— বিশেষকৈ পৰিৱেশ বিজ্ঞান, মৃত্তিকা বিজ্ঞান, আৰু সৌৰ বিকিৰণ অধ্যয়নৰ দ্বাৰা ব্যাখ্যা আৰু সমর্থন কৰিব পাৰি।

১. সূৰ্যৰ অৱস্থান আৰু গৰমৰ তীব্ৰতা (Summer Solstice)-প্ৰতি বছৰে জুন মাহৰ ২১ বা ২২ তাৰিখৰ সময়চোৱাত উত্তৰ গোলাৰ্ধত সূৰ্যচক্রৰ এক গম্ভীৰ পৰিৱর্তন ঘটে, যাক গ্ৰীষ্ম অৰ্দ্ধদিন (Summer Solstice) বুলি জনা যায়। এইটো হৈছে বাৰ্ষিক সৌৰচক্রৰ তাত্ত্বিক শীৰ্ষবিন্দু, য’ত সূৰ্য উত্তৰ গোলাৰ্ধৰ ওপৰত সৰ্বাধিক উচ্চতালৈ উঠে। এই দিনটোত দিনৰ দৈৰ্ঘ্য বছৰৰ ভিতৰত আটাইতকৈ বেছি হয় আৰু সূৰ্যৰ কিৰণ Tropic of Cancer-ত (যি অসমৰ ওচৰেদি গুচি যায়) প্ৰায় প্ৰত্যক্ষভাৱে পৰে।

এই সৌৰ বিন্যাসৰ ফলস্বৰূপে—পৃথিৱীৰ পৃষ্ঠত উত্তৰ গোলাৰ্ধত তাপৰ তীব্ৰতা উল্লেখযোগ্যভাৱে বৃদ্ধি পায়, সূৰ্যৰ পৰা অহা UV-A আৰু UV-B ৰশ্মি অধিক প্ৰবলতাৰে পৃথিৱীত পৰে, যদিও Ozone স্তৰে (O₃ layer) এই ৰশ্মিসমূহৰ এক উল্লেখযোগ্য অংশ শোষণ কৰি পৃথিৱীৰ জীৱ জগতক ৰক্ষা কৰে।

এই সময়ছোৱাত মাটিৰ তাপমাত্রা আৰু বাষ্পীকৰণৰ হাৰ বৃদ্ধি পোৱাৰ ফলত—
মাটিৰ আর্দ্ৰতা চক্র, জীৱাণু তথা অণুজীৱৰ কাৰ্যক্ষমতা, গছ-গছনিৰ কোষ বিভাজন আৰু বিকাশ প্রক্রিয়া প্ৰকৃতিগতভাৱে অধিক সক্ৰিয় হৈ উঠে। এইবোৰেই মাটিৰ উৰ্বৰতা পুনৰুজ্জীৱিত কৰাৰ স্বাভাৱিক প্ৰক্ৰিয়া, যাক জৈৱ-জৰ্জৰন (bio-activation) বা soil revitalization phase বুলিও কোৱা হয়।

সেয়েহে এই সময়ত পৃথিৱী যেন নিজৰ গৰ্ভত পুনৰ জীৱন সঞ্চয় কৰিবলৈ প্ৰস্তুতি লয়, যাৰ প্রতীকময় ব্যাখ্যা হিচাপে “পৃথিৱীৰ ৰজস্বলা” হোৱাৰ ভাবনাটো লোকসংস্কৃতিত স্থান পাইছে।

২. বৰ্ষাৰ আৰম্ভণি আৰু মাটিৰ জৈৱিক সচলতা অৰ্থাৎ মাটিৰ জৈৱিক চক্র (Soil Biological Cycle): জুনৰ শেষ আৰু জুলাইৰ আৰম্ভণিৰ এই সময়ছোৱাই হৈছে উত্তৰ-পূৰ্বাঞ্চলত বৰ্ষাৰ প্ৰৱেশকাল। এই সময়তে: মাটিৰ ভিতৰত আর্দ্ৰতা বৃদ্ধি পায়, মাটিত ব্যাক্টেৰিয়া, ফাংগাই, কেঁচু, নেমাটোড(এবিধ কেঁচু সদৃশ তেনেই সৰু অণুজীৱ) আদি জৈৱ সজীৱ সক্ৰিয় হয়।

এই সময়চোৱাত মাটিৰ ভিতৰত চলি থাকে নাইট্ৰ’জেন স্থিৰীকৰণ (nitrogen fixation), কাৰ্বন পৰিবাহ (carbon cycling), আৰু জৈৱিক অপচয়ৰ ক্ষয় প্ৰক্ৰিয়া (decomposition) । যিবোৰে প্ৰাকৃতিক উৰ্বৰতা গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰে। এইবোৰ প্ৰক্ৰিয়াৰ ফলত মাটিত জৈৱ সক্ৰিয়তা বৃদ্ধি পায় আৰু খনিজ চক্র অধিক গতিৱান হয়। ঠিক এই সময়তে যদি মাটি খন্দা, গছ কটা, বা উদ্ভিদ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলোৱা কোনো কাৰ্য চলোৱা হয়, তেন্তে এই সুসামঞ্জস্য প্ৰাকৃতিক পুনৰুজ্জীৱন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হোৱাৰ অধিক সম্ভাৱনা থাকে। সেয়েহে এই ধৰ্মীয় নীতিসমূহ বৈজ্ঞানিক দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে সিহঁত প্রকৃততে Ecological Rest Period (প্ৰাকৃতিক বিশ্ৰামকাল) ৰ সৈতে গভীৰভাৱে সংগতি ৰাখে।

৩. বিশ্ৰামৰ প্ৰয়োজন (Fallow Period): কৃষি আৰম্ভ কৰাৰ আগতে মাটিৰ বাবে এক নিৰ্ধাৰিত বিশ্ৰামৰ প্ৰয়োজন থাকে, যেন সেয়া প্ৰাকৃতিকভাৱে নিজৰ জৈৱিক শক্তি আৰু ৰাসায়নিক সাম্যতা পুনৰুদ্ধাৰ কৰিব পাৰে। এই প্ৰক্ৰিয়াটো আধুনিক কৃষি বিজ্ঞানত ‘Fallow Period’ নামেৰে জনা যায়। অর্থাৎ, খেতি নকৰাকৈ মাটিক বিশ্ৰাম দি নিজৰে উৰ্বৰতা সংগ্ৰহ কৰিবলৈ সময় দিয়া এক জৈৱিক পৰ্যায়। মাটিক বিশ্ৰাম দিয়াৰ প্ৰথাটোৰ বৈজ্ঞানিক প্ৰাসংগিকতা অত্যন্ত স্পষ্ট। যেতিয়া ভূমিৰ ওপৰত অবিৰত খনন, শস্য উৎপাদন বা কৃষি কার্য চলি থাকে, তেতিয়া মাটিৰ প্রাকৃতিক ঘূৰ্ণাৱর্ত অর্থাৎ জৈৱিক, ৰাসায়নিক আৰু খনিজ চক্রসমূহ বিহ্বল হোৱাৰ সম্ভাৱনা থাকে। এই ধৰণৰ অসন্তুলনত মাটিৰ গঠন শিথিল হয়, পুষ্টি উপাদান হ্ৰাস পায়, আৰু উৰ্বৰতা কমি যায়। সেইবাবে, মাটিক এটা নিৰ্দিষ্ট সময়লৈ বিশ্ৰাম দিয়াটো কেৱল এটা পৰম্পৰাগত নীতি নহয়, ই এক বিজ্ঞানসম্মত আৰু প্ৰমাণভিত্তিক প্ৰয়োজন, যাৰ মাধ্যমে মাটিৰ দীৰ্ঘকালীন স্বাস্থ্য সংৰক্ষণ হয় আৰু কৃষি উৎপাদনৰ স্থায়িত্ব সুদৃঢ়ভাৱে নিশ্চিত হয়।

৪. জীৱবৈচিত্ৰ্য সংৰক্ষণ: বৰ্ষাৰ আগতে বনাঞ্চলৰ ভিতৰত বহু ন-ন জন্ম হোৱা পোক-পতঙ্গ, চৰাই-চিৰিকতী আৰু ক্ষুদ্ৰ জীৱ‌ই নিজৰ বংশ বিস্তাৰ কৰে। এই সময়চোৱাত যদি গছ কটা, পাত চিঙা বা বনভূমি ধ্বংস কৰা হয়, তেন্তে সিহঁতৰ জীৱনচক্ৰ বিঘ্নিত হয়। সেয়েহে এনে কামসমূহ এৰাই চলাটো কেৱল ধৰ্মীয় বিশ্বাস নহয়, ই এক ধৰণৰ প্ৰাকৃতিক সংৰক্ষণ, যিয়ে জীৱ-জন্তুক বাচি থকাৰ সুযোগ দিয়ে।

“পৃথিৱী ৰজস্বলা হয়” বুলি বিশ্বাস কৰা ধাৰণাটো বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা জৈৱিকভাৱে সত্য নহ’লেও, ইয়াৰ আঁৰত লুকাই আছে এক গভীৰ দৃষ্টিভংগী । যাৰ দ্বাৰা প্ৰকৃতিক বিশ্ৰাম দিয়াৰ, প্ৰাকৃতিক শক্তিক পুনৰুজ্জীৱিত হ’বলৈ সময় দিয়াৰ এক আহ্বান। এই বিশ্বাসৰ মাজতে বিজ্ঞান আৰু সংস্কৃতি দুয়োটাৰ এক আশ্চৰ্য সংগতি দেখা যায়।

বিজ্ঞানে যাক “জৈৱিক বিশ্ৰামকাল” বুলি ব্যাখ্যা কৰে, সংস্কৃতিয়ে তাক অম্বুবাচীৰ দৰে পৰম্পৰাগত উৎসৱৰ ৰূপত সন্মান জনাই আহিছে। সংস্কৃতিত ই পৃথিৱীৰ ঋতুচক্রৰ লগত তুলনা কৰা হৈছে, য’ত পৃথিৱীয়ে নিজেই নিজৰ শক্তি সংহত কৰি পুনৰ উৎপাদনক্ষম হ’বলৈ সাজু হয়।

এইধৰণৰ দৃষ্টিভংগীয়ে আমাৰ সমাজত কেৱল পৰম্পৰাই নহয়, এক পৰিৱেশ সচেতনতা, জীৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ, আৰু ভূমিৰ প্ৰতি দায়িত্ববোধৰ এক প্ৰতিক ৰূপ গঢ়ি তোলে। ফলত, এই বিশ্বাসৰ আঁৰত বিজ্ঞানৰ সঁজুলি আৰু সংস্কৃতিৰ মানৱিকতাৰ মাজত এক মৰ্মস্পৰ্শী সমন্বয় গঠিত হয়।

শেষত ক’ব বিচাৰিম–
বহু শতাব্দীৰ আগতেই আমাৰ পূৰ্বজসকলে যিবোৰ কথা বিশ্বাস হিচাপে গ্ৰহণ কৰিছিল, আজিৰ বিজ্ঞানে সেইবোৰৰ ভিতৰত গুপ্ত হৈ থকা বুদ্ধিমত্তা, পৰিৱেশৰ সংগতি আৰু সংৰক্ষণৰ বাণীক স্বীকৃতি দিছে। সেই আচাৰ-বিশ্বাসবোৰ কেৱল ধৰ্মীয় নীতি-নিয়মেৰে চলা এক পৰম্পৰা এনে নহয়, এইবোৰ প্ৰকৃতিৰ সৈতে চলা জীৱন-পদ্ধতিৰ এক অংশ।

সেয়েহে ‘পৃথিৱী ৰজস্বলা হয়’ বুলি কোৱা কথাটো অন্ধবিশ্বাস বুলি উৰুৱাই দিয়াটো উচিত নহয়। ই এটা গভীৰ প্ৰতীক, যাৰ অন্তৰালত আছে সংস্কৃতিক শ্ৰদ্ধা আৰু বিজ্ঞানে স্বীকৃতি দিয়া বাস্তৱতা। এই দুয়ো মিলে মানুহক শিকাইছে যে প্ৰকৃতিক কিদৰে সন্মান জনাব লাগে, আৰু তাৰ সৈতে কেনেদৰে সদ্ভাৱে বাস কৰিব লাগে।
কিন্তু সেইবুলি এই কথাটোক লৈ ধৰ্মীয় ভিন্নমত বা বিতণ্ডা কৰাৰ তাত্ত্বিক ভিত্তি নাই, ঠিক সেইদৰে ইয়াকে লৈ সাধাৰণ মানুহখিনিৰ সৈতে ধৰ্মীয় বেহা কৰাৰো কোনো প্ৰয়োজন নাথাকে। কাৰণ ইয়াৰ মূলতত্বটো বিজ্ঞান আৰু সচেতন জীৱনদৃষ্টিৰ সৈতে গভীৰভাৱে সংলগ্ন।