অম্বুবাচী অৰ্থাৎ ‘আমতি’ – বিশ্বজিৎ বৈশ্য

অম্বুবাচী অৰ্থাৎ ‘আমতি’

বিশ্বজিৎ বৈশ্য
বংশৰ,শুৱালকুছি

অম্বুবাচী অৰ্থাৎ ‘আমতি’ হ’ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ।মা কামাখ্যাৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়, যেনে- মাটি খন্দা,দেৱ-দেৱীৰ মন্দিৰত পূজা অৰ্চনা কৰা আদি সকলো ধৰ্মীয় কাম-কাজ বন্ধ ৰাখা হয়, আনকি সেই সময়ছোৱাত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পৰিধানো কৰা নহয়।এই সময়ত সকলো মন্দিৰৰ দোৱাৰ বন্ধ ৰখা হয়।কামাখ্যা ধামটো অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়চোৱালৈ মন্দিৰৰ দোৱাৰ বন্ধ থাকে। সকলো ভক্তই বাহিৰৰ পৰাই ‘মা’ ক আৰাধনা কৰে।এই সময়ত ‘মা’ ক ৰাজস্বলা হোৱা বুলি মানি লোৱা হয়।আৰু সেয়েহে নিবৃত্তিৰ দিনা এই কেইদিনত ব্যৱহৃত সকলো কাপোৰ,বাচন- বৰ্তন আদি ধোৱাৰ কিছু নিয়মো ঠাই বিশেষে প্ৰচলিত আছে।শেষৰ দিনা অৰ্থাৎ নিবৃত্তিৰ দিনা সকলোৱে ফল-মূল খাই এই ব্ৰতৰ সমাপন ঘটাই।