‘অমৃত প্ৰবাহ’ কাকতৰ বৰ্ষপূৰ্তি উপলক্ষে স্মৃতিচাৰণ- বঁটা প্ৰদান অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ এক সজাতি দলে অসম চৰকাৰৰ কৰ আয়ুক্ত জিতু দলে, কামৰূপ মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভুঞাক সাক্ষাৎ কৰি আগন্তুক ১৫ আগষ্টত হ’বলগীয়া আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ তৃবিংশতম পুণ্যদিৱস আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে স্মৃতিচাৰণ আৰু বঁটাপ্ৰদান অনুষ্ঠানত বিশেষ ব্যক্তি বিশেষ সন্মান বঁটাৰে সন্মান জনোৱাৰ আমন্ত্ৰণ পত্ৰ প্ৰদান কৰা হয়৷সজাতি দলত নেতৃত্ব প্ৰদান কৰে মিডিয়া এচ’ছিয়েচন অসমৰ সভাপতি, প্ৰেছ ক্লাব অসমৰ সাধাৰণ সম্পাদক ,অমৃত প্ৰবাহ কাকতৰ সম্পাদক তথা সমিতিৰ মুখ্য সমন্বয়ক হীৰেন চন্দ্ৰ কলিতাই৷ সহযোগ কৰে জ্যেষ্ঠ সাংবাদিক তথা গণ সংবাদ কাকতৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া, প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা সমিতিৰ উপসভাপতি দেৱজ্যোতি হাজৰিকা, সমিতিৰ সহকাৰী সম্পাদক কৃষ্ণ কাকতি, সমিতিৰ মঞ্চ সম্পাদক লক্ষী কলিতা আৰু উপদেষ্টা তথা কৰ বিভাগৰ উপ আয়ুক্ত তপন কলিতাই৷