অমৃত কলহ যাত্ৰা উপলক্ষে উন্নয়ন খণ্ড, পৌৰসভা পৰ্যায়ত শোভাযাত্ৰা আৰু সভা
ৰঙিলী বাৰ্ত্তাসেৱা – দৰং জিলাত কালি মঙলদৈ পৌৰসভা, খাৰুপেটীয়া পৌৰসভা, ছিপাঝাৰ উন্নয়ন খণ্ড, দলগাওঁ-শিয়ালমাৰী উন্নয়ন খণ্ড, পশ্চিম মঙলদৈ উন্নয়ন খণ্ড আৰু বেছিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ উক্ত পৌৰসভা আৰু উন্নয়ন খণ্ডসমূহৰ এলেকাৰ গাঁও পঞ্চায়ত/ৱাৰ্ডৰ পৰা অমৃত কলহ শোভাযাত্ৰা কৰি মৰ্যদাসহকাৰে অনা হয়। এই উপলক্ষে উল্লেখিত পৌৰসভা আৰু উন্নয়ন খণ্ডসমূহৰ পৰ্যায়ত আয়োজন কৰা শোভাযাত্ৰা আৰু সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল আৰু জিলা প্ৰশাসনৰ জেষ্ঠ্য বিষয়াসকলে অংশগ্ৰহণ কৰে।খাৰুপেটীয়া পৌৰসভাত অমৃত কলহ যাত্ৰা উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই স্বাধীনতাৰ অমৃত কালত ভাৰত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ শক্তি হ’বলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূচনা কৰা স্বচ্ছতা অভিযানৰ পৰা শেহতীয়া চন্দ্ৰ অভিযানলৈকে ভাৰতে লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে বৰ্তমান দেশৰ সৰ্বত্ৰ নৱজাগৰণৰ জোৱাৰ আহিছে। অমৃত কলহ যাত্ৰাৰ দৰে কাৰ্যসূচীয়ে দেশবাসীৰ ঐক্যৰ বান্ধোন সুদৃঢ় কৰি দেশপ্ৰেমেৰে উদ্ধুদ্ধ কৰি সকলোকে স্বদেশৰ উন্নয়নৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ মন্তব্য কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে অমৃত কলহ যাত্ৰাই সকলোৰে মাজৰ ঐক্যৰ বান্ধোন অধিক দৃঢ় কৰাৰ লগতে এক উজ্বল ভৱিষ্যতৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে।জিলা পুথিভঁৰালত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া আৰু আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে অংশগ্ৰহণ কৰে ।ছিপাঝাৰ উন্নয়ন খণ্ডত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে অমৃত কলহ যাত্ৰাৰ তাৎপৰ্য ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সকলো ক্ষেত্ৰতে অভূতপূৰ্ব পৰিৱৰ্তন আহিছে আৰু আগন্তুক দিনবোৰতো এই উন্নয়ন আৰু প্ৰগতিৰ ধাৰা অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে।অমৃত কলহ যাত্ৰা উপলক্ষে আয়োজিত শোভাযাত্ৰা আৰু অনুষ্ঠানত সেনা, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লোক, শিক্ষাবিদ, সমাজসেৱী আৰু বিভিন্ন সংগঠন-অনুষ্ঠানৰ প্ৰতিনিধি আদিয়েও অংশগ্ৰহণ কৰে।উল্লেখ্য যে উন্নয়ন খণ্ড/পৌৰসভাৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি অনা কলহসমূহৰ মাটি পুনৰ সংমিশ্ৰণ কৰি দুটা পিতলৰ কলহত ভৰাই ৰখা হ’ব। অৱশিষ্ট মাটিখিনি উন্নয়ন খণ্ড আৰু পৌৰসভা পৰ্যায়ত উন্নয়নমূলক কাম-কাজৰ বাবে শ্ৰদ্ধাসহকাৰে ৰাখি থোৱা হ’ব। অহা ২৫ অক্টোবৰত উন্নয়ন খণ্ড আৰু পৌৰসভা কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পৱিত্ৰ মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব।