অমিত শ্বাহৰ ভাষণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

PC - Udbhasnews

অমিত শ্বাহৰ ভাষণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দলীয় কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুনত্বহীন চালে বেৰে কোবোৱা কথাৰে অসমবাসীক আভুৱা ভাৰাৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। লগতে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভাষণে অসম তৃণমূল কংগ্ৰেছক হতাশ কৰাও বুলিও মন্তব্য কৰে।নতুন দিল্লীত সাংবাদিকৰে হোৱা বাৰ্তালাপত সভাপতি বৰাই অমিত শ্বাহে নৰেন্দ্ৰ মোডীৰ নাম উত্তৰ পূবৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব বুলি কৰা মন্তব্যৰ সন্দৰ্ভতো উভতি ধৰি কেতবোৰ প্ৰশ্ন উত্থাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৮ বছৰত ৪০ তকৈ অধিকবাৰ উত্তৰ পূবলৈ অহা বুলি অমিত শ্বাহে কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ পৰা অসমে একো নোপোৱা বুলি অভিযোগ উত্থাপন কৰে। বৰং অসমৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে সম্পদ কাঢ়ি নিয়া বুলিহে তেওঁ সোঁৱৰাই দিয়ে। অসমৰ পৰা বিজেপি চৰকাৰে এয়াৰপোৰ্ট কাঢ়ি নিয়াৰ লগতে কাগজ কল বন্ধ কৰাৰ উপৰিও এতিয়া নামৰূপ সাৰ কাৰখানা কাঢ়ি নিবলৈ ওলোৱা বুলি ক্ষোভ প্ৰকাশ কৰি কি যুক্তিত অসমে নৰেন্দ্ৰ মোডীৰ নাম সোণালী আখেৰেৰে লিখিব বুলি প্ৰশ্ন কৰে।দলীয় বা নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমলৈ মনত পৰা নৰেন্দ্ৰ মোডীয়ে তিনিমাহ আগত বানত ককবকাই থকা সময়ত ৰাজ্যবাসীৰ দুৰ্দশাৰ ছবি চাবলৈ বা মাজুলীৰ নাও দুৰ্ঘটনাৰ সময়ত কিয় নাহিলে বুলি ওলোটাই প্ৰশ্ন কৰে সভাপতি ৰিপুণ বৰাই। লগতে মাজুলীত স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে মৃত্যু হোৱা ১৫ বছৰীয়া কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ খবৰ ল’বলৈ কিয় সময় নাই বুলি জবাবদিহি কৰি মোডী ডাঙৰীয়াৰ অসম প্ৰেমৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে সভাপতি বৰাই৷কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে নৰেন্দ্ৰ মোডী কি এনে কাম কৰিলে যাৰ বাবে অসমে তেওঁৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখিব। অসমক তেওঁ কি দিলে? তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ ফলত অসম বছৰি ৫ হাজাৰ কোটি টকাকৈ ৮ বছৰত মুঠ ৪০ হাজাৰ কোটি টকা লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল।শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১৫ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ সময়ত কিয় এবাৰলৈ মনত নপৰিল জনজাতিকৰণৰ বাবে অসমৰ ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ কথা?,’ সভাপতি বৰাৰ প্ৰশ্ন।অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যসভা আৰু লোকসভাত অসম চুক্তিৰ ছয় নং দফাৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন দাড়ি, ক’মাসহ কাৰ্যকৰী কৰিব বুলি দেশবাসীৰ সন্মুখত দিয়া প্ৰতিশ্ৰুতি আজি ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰি অসমলৈ অহা অমিত শ্বাহে ভাষণত এই বিষয়ত কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰে৷আনহাতে ১ লাখ চাকৰিৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাকী ৩৫ লাখ নিবনুৱাৰ কি হ’ব বুলি উত্তৰ বিচাৰে। প্ৰসংগক্ৰমে সভাপতি বৰাই বছৰি ২ কোটি নিবনুৱাৰ সংস্থাপনৰ বিজেপিৰ প্ৰতিশ্ৰুতিৰ কি হ’ল বুলি কটাক্ষ কৰে৷আনহাতে ২০১৮-১৯ বৰ্ষৰ পৰা ৪ বছৰত অসমে এনডিআৰএফৰ অধীনত বিচৰা মুঠ ৯৪৭৫.৮০ কোটি টকাৰ বিপৰীতে কণা হাঁহক পতান দিয়াৰ মাত্ৰ ৪৪.৩৭ কোটি টকাহে দি অসমবাসীক কেন্দ্ৰই কৰা উপলুঙাৰ বিষয়ে ভাষণত কিয় একো ক’বলৈ সাহস নহ’ল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে সভাপতি ৰিপুণ বৰাই।