অমাৱস্যা
সবিতা বেগম, বৰপেটা
চোতালৰ সন্মূখত এখন গাড়ী , শব্দ পাই মীৰা আনন্দত দৌৰি আহিল পাপা নিশ্চয় কাপোৰ লৈ আহিছে , দূৰ্গা পূজা চাবলৈ ৰাজু , ৰিতু ইতিমধ্যে গৈছে। সন্মূখত ওলাই মীৰা চিঞৰি উঠিল -” পাপা পাপা বুলি”…. মুকেশ কামত ব্যস্ত , অলপ সময়ৰ অন্তত মীৰাৰ ফোন — “পাপা কাপোৰ লৈ কেতিয়া আহিবা” , সকলোৱে পূজা চাবলৈ গ’ল, গোটেই দিনটো কাম কৰি , মুকেশ খৰখেদাকৈ ওলাল আপোনজনৰ বাবে বজাৰ কৰিবলৈ, মীৰা আৰু মাক ৰীনাৰ বাবে কাপোৰ কিনি আনন্দত ওলাল ঘৰ অভিমুখে, সময়ৰ সিদ্ধান্তত, নামি আহিল কাল অমাৱস্যা, ৰাস্তা পাৰ হওঁতে ট্ৰাক এটাত খুন্দা লাগি গুচি গ’ল চিৰ দিনৰ বাবে …।